অসম

assam

ETV Bharat / state

জগন্নাথ ৰথ যাত্ৰাত হাজাৰ হাজাৰ ভক্তৰ সমাগম - Jagannath Rath Yatra 2024

Rath Yatra 2024:দেওবাৰৰ পৰা আৰম্ভ হৈছে জগন্নাথ ৰথ যাত্ৰা । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আয়োজন কৰা হয় এই ৰথ যাত্ৰাৰ । ইস্কন গুৱাহাটী আৰু হৰে কৃষ্ণ মন্দিৰৰ উদ্যোগত ৰথ যাত্ৰা উলিওৱা হৈছে ।

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 9:41 PM IST

Rath Yatra 2024 in Guwahati
জগন্নাথ ৰথ যাত্ৰা (ETV BHARAT ASSAM)

গুৱাহাটী/হাফলং,৭ জুলাই: আজি জগন্নাথ ৰথ যাত্ৰা । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উলিওৱা হৈছে জগন্নাথ ৰথ যাত্ৰা । ইস্কন গুৱাহাটী আৰু হৰে কৃষ্ণ মন্দিৰৰ উদ্যোগত মহানগৰীৰ দুই স্থানত উলিওৱা হয় জগন্নাথ ৰথ যাত্ৰা । দেওবাৰৰ পৰা ১৫ জুলাইলৈ ইস্কন গুৱাহাটীৰ উদ্যোগত জগন্নাথ ৰথ যাত্ৰা মহোৎসৱৰ উদযাপন কৰা হৈছে । জগন্নাথ ৰথ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান আজি মহানগৰীৰ জি এছ ৰোডৰ শ্ৰীনগৰ ট্ৰেফিক পইন্টৰ পৰা আৰম্ভ হয় ।

জগন্নাথ ৰথ যাত্ৰা (ETV BHARAT ASSAM)

এই ৰথ যাত্ৰাৰ আৰম্ভণি অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা, অভিনেত্ৰী আইমী বৰুৱা, কন্ঠশিল্পী দিপলীনা ডেকাৰ লগতে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় । শ্ৰীনগৰৰ পৰা গণেশগুৰি, লাষ্টগেট, ছাৰ্ভে, বেলতলা তিনিআলি, বশিষ্ঠ চাৰিআলি, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ত্ৰিপুৰা ৰোড হৈ জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগনত অন্ত পৰে এই যাত্ৰাৰ ।

৯ দিনজোৰা এই মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে শ্ৰীমদ্ভাগৱত কথা । জয়ানগৰস্থিত জগন্নাথ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগনত ৮ পৰা ১৪ জুলাই লৈ সন্ধিয়া ৬ বজাৰ পৰা শ্ৰীমদ্ভাগৱত কথাৰ প্ৰৱচন ব্য়াখ্য়া কৰিব দ্বাৰকাস্থিত ইস্কন মন্দিৰৰ ভক্ত শচীপতি দাসে । এই মহোৎসৱ ১৫ জুলাইত ওলোটা ৰথ যাত্ৰাৰে সামৰণি পৰিব । কটন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হ'বলগীয়া ওলোটা ৰথ যাত্ৰা উলুবাৰীত সামৰণি পৰিব ।

হৰে কৃষ্ণ মন্দিৰ উত্তৰ গুৱাহাটীৰ উদ্যোগতো গুৱাহাটীত শ্রী জগন্নাথ ৰথ যাত্ৰা উলিওৱা হয় । আজি উত্তৰ-পূব সীমান্ত ৰে'লৱে কাৰ্যালয় মালিগাঁৱৰ পৰা আৰম্ভ হয় ৰথ যাত্ৰা । মালিগাঁৱৰ পৰা এই ৰথ কাছাৰী নেহৰু পাৰ্কৰ বিপৰীতে ৰ'পৱে পার্কিংত সামৰণি পৰে ।

লগতে পঢ়ক:শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ ৰথ যাত্ৰা: পুৰীৰ পৰা ৰথযাত্ৰাৰ সামগ্ৰিক পৰিৱেশ লাইভ - Rath Yatra 2024

হাফলঙত জগন্নাথৰ ৰথ যাত্ৰা

ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত ভগৱান জগন্নাথৰ ৰথ যাত্ৰা উলিওৱা হয় । ১১৩ বছৰ পুৰণি হাফলং জগন্নাথ মন্দিৰৰ পৰা দেওবাৰে বিয়লি প্ৰভু জগন্নাথ বলভদ্ৰ আৰু শুভদ্ৰাৰ মূৰ্তি লৈ ৰথ যাত্ৰা উলিওৱা হয় । ৰথ যাত্ৰা উপলক্ষে আজি পুৱাৰে পৰা পূজা, নাম-কীৰ্তন অনুষ্ঠিত হয় । দুপৰীয়া ভক্তসকলৰ বাবে মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হয় । ইয়াৰ পিচতে বিয়লিৰ ভাগত হাফলং জগন্নাথ মন্দিৰৰ ৰথ ইস্কন মন্দিৰ হৈ হাফলং চহৰ পৰিক্ৰমাৰ পিচতে জগন্নাথ বলভদ্ৰ শুভদ্ৰাক হাফলং ৰামঠাকুৰ সেৱা সমিতিৰ মন্দিৰত লৈ যোৱা হয় ।

ওলোটা ৰথ হাফলং জগন্নাথ মন্দিৰত লৈ অনা হ'ব । এই সাত দিন হাফলং ৰামঠাকুৰ সেৱা সমিতিত পূজা নাম-কীৰ্তন কৰা হ'ব । ইপিনে, আজি হাফলং চহৰত হাফলং জগন্নাথ মন্দিৰৰ উপৰি গোবিন্দ মন্দিৰ আৰু গৌৰীও মঠৰ পৰাও ৰথ যাত্ৰা উলিওৱা হয় ।

লগতে পঢ়ক:জগন্নাথ ৰথ যাত্ৰা: মহানগৰীৰ কোন কেইটা পথত হ'ব তীব্ৰ যানজঁট ? - Jagannath Rath Yatra 2024

ৰথ যাত্ৰাৰ সময়ত জগন্নাথ মহাপ্ৰভুক কিদৰে পূজা কৰিলে ঘৰত বহিয়েই পাব শুভফল ? - Rath Yatra 2024

ABOUT THE AUTHOR

...view details