তেজপুৰ, ২৮ মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পোৱা গৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ সৰু জল নকুল বা উদ প্ৰজাতিৰ এবিধ প্ৰাণী । বিনটুৰং বা ভালুক বিড়াল (Arctictis binturong) আৰু সৰু নখযুক্ত জল নকুল বা উদ (Aonyx cinereus)ৰ উপস্থিতিৰ ফটো আলোকচিত্ৰ শিল্পী চিৰন্তনু শইকীয়াৰ লেঞ্চত ধৰা পৰাৰ পিচত এই প্ৰাণীবিধে এতিয়া ব্যাপক চর্চা লাভ কৰিছে ।
বিশ্বৰ সকলো দেশৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ স্থলী, বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পূৰ্বতে অচিনাকি দুটা বিৰল প্ৰজাতি চিনাক্ত হোৱা আশাব্যঞ্জক খবৰে প্ৰকৃতিপ্ৰেমীসকলক আহ্লাদিত কৰি তুলিছে । অসমৰ বন্যপ্ৰাণী অনুৰাগী আৰু সংৰক্ষণবিদসকল আনন্দিত হৈ পৰাৰ এই আশাব্যঞ্জক খবৰে সকলো শ্ৰেণীৰ জনসাধাৰণকে আকৰ্ষিত কৰিছে । এই আৱিষ্কাৰে উদ্যানখনৰ পৰিৱেশগত গুৰুত্বক প্ৰোজ্জ্বল কৰি বন্যপ্ৰাণী নীৰিক্ষণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত চলি থকা প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্বৰ প্ৰভাৱ পেলাইছে ।
উল্লেখ্য যে, তেজপুৰৰ এগৰাকী পৰ্যটন নিৰ্দেশক তথা আলোকচিত্ৰ শিল্পী চিৰন্তনু শইকীয়াই কেমেৰাত এই বিনটুৰং বা ভালুক বিড়ালটোৰ বিৰল দৃশ্য বন্দী কৰিবলৈ সক্ষম হোৱা খবৰে তেজপুৰবাসীকো বিশেষভাৱে আহ্লাদিত কৰি তুলিছে । সাধাৰণতে বিয়াৰকেট বুলি কোৱা বিনটুৰং দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ স্থানীয় স্তন্যপায়ী প্ৰাণী । নিশাচৰ আৰু গছত বাস কৰা অভ্যাসৰ এই গোপনীয় প্ৰাণীটোক খুব কমেইহে দেখা পোৱা যায় । ইয়াৰ বাসস্থানৰ ভিতৰত ইয়াৰ উপস্থিতি বিৰল । ভাৰতত ইয়াৰ জনসংখ্যা মূলতঃ উত্তৰ-পূবত কেন্দ্ৰীভূত ।