হাফলং, 3 মে’ : প্ৰকৃতিৰ ৰুদ্ৰৰূপে প্ৰচুৰ ক্ষয়ক্ষতি কৰিছে ডিমা হাছাও জিলাত ৷ বুধবাৰৰ নিশাৰে পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন ঠাইত ব্যাপক ক্ষয়-ক্ষতি হয় । ভূমিস্খলনৰ লগতে বৰষুণৰ পানীৰ ফলত বহু লোকৰ বাসগৃহ ভাগি পৰে । তদুপৰি ঘৰৰ বিভিন্ন সামগ্ৰী পানীত উটি যায় ।
বৰষুণৰ ফলত অসমৰ অন্যতম পাহাৰীয়া জিলা সদৰ হাফলঙৰ ৰামনগৰ মিছন ৰোড, নিম্ন হাফলঙৰ কাশিপুৰ ভেটেল গাঁৱত প্ৰচুৰ ক্ষয়-ক্ষতি হয় । হাফলং ৰামনগৰ এলেকাত বৃহস্পতিবাৰৰ পুৱাৰে পৰা হাফলং লেকৰ বাঢ়নী পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰে ৷ ফলত চাৰিফালে পানীৰ সোঁতে বহু বাসগৃহৰ ব্যাপক ক্ষতি কৰে ।
ঘৰৰ বিভিন্ন সামগ্ৰী পানীৰ সোঁতত উটি যায় বুলিও জানিবলৈ দিয়ে ভুক্তভোগীসকলে । হাফলং, ৰামনগৰ আৰু মিছন ৰোডত কিছু ব্যৱসায়ী প্ৰতিষ্ঠান বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হয় বুলি জানিবলৈ দিয়ে স্থানীয় লোকসকলে । কিন্তু এতিয়ালৈকে তেওঁলোকে চৰকাৰীভাৱে কোনো ধৰণৰ সাহায্য পোৱা নাই বুলি অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে ।