ETV Bharat / state

গুজৰাটত সংকটত অসমৰ তীৰ্থযাত্ৰী, এজনৰ মৃত্যু : জামনগৰত চিকিৎসাধীন ৮ গৰাকী - Bajali Pilgrimage Died in Gujarat - BAJALI PILGRIMAGE DIED IN GUJARAT

Assam pilgrimage died in Gujarat : গুজৰাটত মহাসংকটত পৰিছে অসমৰ এটা তীৰ্যযাত্ৰী দল । বজালী জিলাৰ পৰা যোৱা এই তীৰ্থযাত্ৰীৰ দলটোৰ কেইবাজনো গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে । আনহাতে, ইয়াৰ মাজৰ এগৰাকীৰ মৃত্যু ঘটিছে । জামনগৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৮ গৰাকী তীৰ্থযাত্ৰী । সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান তীৰ্থযাত্ৰী দলটোৰ ।

Assam Pilgrimage Died in Gujarat
গুজৰাটত সংকটত অসমৰ তীৰ্থযাত্ৰী, এজনৰ মৃত্যু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 3:07 PM IST

বজালী, ৩ অক্টোবৰ : মহাসংকটত পৰিছে ভাৰত ভ্ৰমণলৈ যোৱা অসমৰ ৪৯ গৰাকীকৈ তীৰ্থযাত্ৰী ৷ গুজৰাটৰ দ্বাৰকা ৰে’ল ষ্টেচনৰ সমীপৰ ভাৰত সেৱাশ্ৰম সংঘত আবদ্ধ তীৰ্থযাত্ৰীসকল । আকস্মিকভাৱে বুধবাৰে ১২ জনকৈ তীৰ্থযাত্ৰী অসুস্থ হৈ পৰে ৷ আনহাতে, মৃত্যমুখত পৰে ইয়াৰে এগৰাকী তীৰ্থযাত্ৰী ।

গুজৰাটত নিহত লোকজন বজালীৰ মানিকপুৰ চৈবাৰীৰ উদ্ধৱ দাস বুলি জানিব পৰা গৈছে । প্ৰথম অৱস্থাত উদ্ধৱ দাস নামৰ লোকজনৰ আকস্মিক মৃত্যু ঘটাৰ পিছত বাকী অসুস্থ বাৰজন অসমৰ তীৰ্থযাত্ৰীয়ে কোনো ধৰণৰ চিকিৎসা নোপোৱাত একপ্ৰকাৰ হাহাকাৰ লাগে যাত্ৰীসকলৰ মাজত । তেনে অৱস্থাত এতিয়া বিপদত পৰা তীৰ্থযাত্ৰীৰ দলটোৱে সহায়ৰ বাবে মুখ্যমন্ত্ৰীক কাতৰ আবেদন জনাইছে ।

গুজৰাটত সংকটত অসমৰ তীৰ্থযাত্ৰী, এজনৰ মৃত্যু (ETV Bharat Assam)

উল্লেখ্য যে যোৱা ২৩ ছেপ্টেম্বৰত বজালীৰ তীৰ্থযাত্ৰীসকল ৰঙিয়াৰ পৰা ৰে'লযোগে দ্বাৰকালৈ গৈছিল । তাত উপস্থিত হোৱাৰ পিছত ভ্ৰমণৰ মাজতে এজনৰ পিছত আন এজন লোক অসুস্থ হৈ পৰে । ভ্ৰমণকাৰী দলটোৰ এগৰাকীয়ে দিয়া বিৱৰণ মতে, পৰ্যাপ্ত চিকিৎসাৰ অভাৱত বুধবাৰে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।

গুজৰাট চৰকাৰৰে অসম চৰকাৰৰ যোগাযোগ

প্ৰাথমিক অৱস্থাত অসমৰ তীৰ্থযাত্ৰীৰ দলটো আকস্মিক বিপৰ্যয়ত কিংকৰ্তব্য বিমূঢ় হৈ পৰে । অৱশ্যে শেহতীয়াভাৱে তীৰ্থযাত্ৰা কৰিবলৈ গৈ গুজৰাটত আবদ্ধ হৈ থকা অসমৰ তীৰ্থযাত্ৰীৰ দলটোক গুজৰাট চৰকাৰে সহায়ৰ হাত আগবঢ়াইছে বুলি জানিব পৰা গৈছে ।

অসমৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যোগাযোগ কৰে গুজৰাট চৰকাৰৰ সৈতে ৷ তাৰ পিছতেই কিছু তৎপৰতা প্ৰদৰ্শন কৰে গুজৰাট চৰকাৰে ৷ দ্বাৰকা ৰে’ল ষ্টেচনৰ সমীপৰ ভাৰত সেৱাশ্ৰম সংঘত আবদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক বুধবাৰে নিশাই এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

আনহাতে, গুৰুতৰভাৱে অসুস্থ হৈ গুজৰাটৰ ব্যক্তিগত চিকিৎসালয় দেৱভূমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত আই চি ইউত চিকিৎসাধীন হৈ থকা দুগৰাকী ব্যক্তিক ধনৰ অভাৱৰ বাবেই চিকিৎসালয়খনৰ পৰা কৰ্তৃপক্ষই উলিয়াই দিয়ে বুলি জানিব পৰা গৈছে । তাৰ পিছত তীৰ্থযাত্ৰীসকলে চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰায় অসুস্থ লোক দুজনক ৷

সম্প্ৰতি জামনগৰ চিকিৎসালয়ত ৮ গৰাকী তীৰ্থযাত্ৰী চিকিৎসাধীন হৈ আছে ৷ ৮ গৰাকী অসুস্থ লোকৰ মাজৰ দুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আনহাতে, ৬ গৰাকী অসুস্থ তীৰ্থযাত্ৰীক ডায়েলাইছিছ পৰ্যন্ত কৰি থাকিবলগা হৈছে ।

উল্লেখ্যে যে তীৰ্থযাত্ৰী দলটোত ৬০ ঊৰ্ধ্বৰ প্ৰায় ২০ গৰাকী যাত্ৰী আছে ৷ অসম চৰকাৰৰ হস্তক্ষেপত গুজৰাট চৰকাৰৰ সহায় লাভ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়াও দুশ্চিন্তা আঁতৰা নাই তীৰ্থযাত্ৰী দলটোৰ ।

লগতে পঢ়ক :স্থবিৰ হৈ ৰৈছে যোৰহাট-মাজুলী দলং নিৰ্মাণ; পুনৰ নিবিদাৰ আহ্বানৰ ইংগিত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী গাডকাৰীৰ - Majuli Bridge issue
লগতে পঢ়ক :চক্ৰবেহু নহয় ! এক বিশেষ উদ্দেশ্য লৈ অধ্যাপকে সাজিলে বটল বেহু - Bottle Behu

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.