স্প’ৰ্টছ ডেস্ক, 3 অক্টোবৰ: আই চি চিয়ে এগৰাকী ক্ৰিকেটাৰক এবছৰৰ বাবে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা নিষিদ্ধ ঘোষণা কৰিছে । সমান্তৰালকৈ ক্ৰিকেটাৰগৰাকীক ছয় মাহৰ বাবে কৰা হৈছে নিলম্বন ৷ এই সময়ত তেওঁ কোনোধৰণৰ ঘৰুৱা ক্ৰিকেটত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷ ইয়াৰ বাহিৰেও তেওঁ এবছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰিব নোৱাৰিব ।
আই চি চিৰ দুৰ্নীতি বিৰোধী নীতি উলংঘন কৰাৰ অপৰাধতে ক্ৰিকেটাৰগৰাকীৰ ওপৰত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা ৷ অৱশ্যে ক্ৰিকেটাৰগৰাকীয়ে নিজমুখে আই চি চিৰ সংহিতাৰ 2, 4 আৰু 7 নং অনুচ্ছেদ উলংঘা কৰাৰ কথা স্বীকাৰ কৰিছিল ।
এই নিয়ম অনুসৰি, দুৰ্নীতি বিৰোধী গোটৰ দ্বাৰা কৰা যিকোনো অনুসন্ধানত বাধা দিয়া বা বিলম্ব কৰা যেনে- যাৰ ভিতৰত আছে সেই অনুসন্ধান সম্পৰ্কীয় যিকোনো নথি বা আন তথ্য লুকুৱাই ৰখা, বেমেজালি কৰা বা ধ্বংস কৰা, প্ৰমাণ নষ্ট কৰা ইত্যাদি ৷
আই চি চিয়ে শাস্তি প্ৰদান কৰা এই ক্ৰিকেটাৰগৰাকী হৈছে শ্ৰীলংকাৰ বাওঁহতীয়া স্পিনাৰ প্ৰবীণ জয়বিক্ৰমা ৷ জয়বিক্ৰমাই শেষবাৰৰ বাবে 2022 চনত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল । ক্ৰিকেটাৰগৰাকীয়ে অভিষেক মেচত 11 টাকৈ উইকেট দখল কৰি ক্ৰিকেট জগতত তুলিছিল খলকনি ৷
জয়বিক্ৰমাই 2021 চনত বাংলাদেশৰ বিৰুদ্ধে টেষ্টত শ্ৰীলংকাৰ হৈ আত্মপ্ৰকাশ কৰি 178 ৰাণৰ বিনিময়ত দখল কৰিছিল 11 টা উইকেট । টেষ্ট অভিষেকত সপ্তম শ্ৰেষ্ঠ বলিং সংখ্যাৰ অভিলেখো অৰ্জন কৰিছে এইগৰাকী ক্ৰিকেটাৰে ৷
আই চি চিয়ে সদৰী কৰা অনুসৰি, জয়বিক্ৰমাই শ্ৰীলংকাৰ হৈ পাঁচখন টেষ্ট, পাঁচখন এদিনীয়া আৰু পাঁচখন টি-20 মেচত অংশগ্ৰহণ কৰিছে ৷ য’ত তেওঁ 15 খন মেচত মুঠ 32 টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰিছে । ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ আন্তৰ্জাতিক ক্ৰিকেট আৰু শ্ৰীলংকা প্ৰিমিয়াৰ লীগৰ সৈতে সম্পৰ্কিত । আই চি চিয়ে শ্ৰীলংকা ক্ৰিকেটৰ (এছ এল চি) সৈতে সন্মত হৈ দুৰ্নীতি বিৰোধী সংহিতাৰ অনুচ্ছেদ 1.7.4.1 আৰু 1.8.1 অনুসৰি কাম কৰিছিল ।
লগতে পঢ়ক: নিষিদ্ধ ক্ৰিকেট: অন্যথা ভৰিব লাগিব 10 হাজাৰ টকাৰ জৰিমনা - BAN ON CRICKET