জোনাই : অসমৰ মাটি সাৰুৱা, সেয়া হয়তো দুনাই কোৱাৰ প্ৰয়োজন নাই ৷ এই সাৰুৱা মাটিত খেতি কৰিও যে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰি পাৰি তাৰেই প্ৰমাণ কৰি দেখুৱালে অসম-অৰুণাচল সীমান্তস্থিত জামপানী অঞ্চলৰ শতাধিক কৃষকে ৷
জামপানী হৈছে অসম-অৰুণাচল সীমান্তৰ চিয়াং নৈ পাৰৰ এখন সুন্দৰ ঠাই ৷ উৰ্বৰা জামপানীৰ শ শ হেক্টৰ মাটিত অসমৰ কৃষকে সেউজ বিপ্লৱৰ সূচনা কৰিছে ৷ অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰায় শতাধিক কৃষকে জামপানীৰ শ শ হেক্টৰ মাটিত আলু, সৰিয়হ, মাকৈ, তিল, কবি, বেঙেনা আদিৰ খেতি কৰি দেখুৱাইছে স্বাৱলম্বিতাৰ নিৰ্দশন ৷
বছৰ বছৰ ধৰি খৰালি আৰু বাৰিষা দুটা সময়তে নানা খেতি কৰি আহিছে জামপানীৰ খেতিয়কসকলে ৷ সম্পূৰ্ণ নিজা ধনেৰে খেতিয়কসকলে ব্যৱসায়িক ভিত্তিত খেতি কৰি উপাৰ্জনৰ এক বাট মুকলি কৰি আহিছে ৷ যিহেতু এই কৃষকসকল হৈছে অসম-অৰুণাচল সীমান্তৰ, সেয়ে অসম বা আৰুণাচলৰ কোনো এখন ৰাজ্য চৰকাৰৰ পৰা কোনো সহায় পোৱা নাই বুলি মন্তব্য কৰে কৃষকসকলে ৷