অসম

assam

ETV Bharat / state

ৰাসলীলা: মাজুলীত এজাক শিশুৰ প্ৰাণোচ্ছল ব্যস্ততা, ধেমাজিত কংস-দৈৱকীৰ আখৰা - RASA MAHOTSAV IN ASSAM

ৰাস পূৰ্ণিমালৈ মাজত মাথোঁ এটা দিন । শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলাৰ বাবে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সীমাহীন ব্যস্ততা । কৃষ্ণ বন্দনাত মুখৰিত হ'ব শৰৎসনা জোনাক নিশা ।

Rasa Mahotsav in Assam
মাজুলী-ধেমাজিত ৰাসৰ আখৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 5:49 PM IST

মাজুলী:শৰতৰ স্নিগ্ধ জোনাক নিশা পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দূবৰিত শেৱালিৰ সুগন্ধি । শৰৎ মানেই শইচ-সম্ভৱা সেউজীয়া পথাৰ, শুভ্ৰ কঁহুৱাৰ মিচিকিয়া হাঁহিৰ আহ্বান ৷ নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু ।

মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ এটা দিন বাকী । তেনে অৱস্থাত এতিয়া ব্যস্ততা বাঢ়িছে মাজুলীবাসীৰ । লাখ লাখ ৰাস দর্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে মাজুলিবাসী ।

মাজুলীত ৰাসৰ আখৰাত ব্যস্ত এজাক শিশু (ETV Bharat Assam)

ৰাসলীলা ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে মাজুলীৰ অৰ্ধশতাধিক ৰংগমঞ্চ আৰু ১২ খনকৈ সত্ৰ ৷ নিশা দুপৰলৈকে চলিছে ৰাসৰ আখৰা । ৰাস বুলিলেই পোনপ্ৰথমে মাজুলীৰ ছবিখনেই চকুলৈ ভাহি আহে । কিয়নো মাজুলীৰ লগত আছে ৰাসৰ এৰাব নোৱৰা সম্পৰ্ক । ইতিমধ্যে আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা ৷

অক, বক, কেশী, পুতনা, কংসক বধিবলৈ সাজু মাজুলীৰ শিল্পী ৷ বান-বাৰিষাৰ দুখ-দুৰ্ভাৱনাক পাহৰি এতিয়া মাজুলীৰ সকলো ব্যস্ত শাৰদীয় ৰাসোৎসৱত । খোল-তাল-বাঁহীৰ সুৰৰ লগতে ৰাস-সংগীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ-বতাহ ।

মাজুলীত এই উৎসৱৰ বতৰত আগমন ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ । মাজুলীত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান উৎসৱেই হৈছে এই ৰাস মহোৎসৱ । শিশু কৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ ৰাসৰ আখৰা চলিছে সত্ৰনগৰী মাজুলীত ।

লক্ষ্মী পূৰ্ণিমাৰ দিনা মাজুলীত ৰাসৰ নাটক মেলা আৰম্ভ হয় । সেইদিনাৰ পৰাই ৰাসৰ আখৰা আৰম্ভ হয় । অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলীৰ মাধৱদেৱ কৃষ্টি কেন্দ্ৰ খোনাচুক গাঁৱৰ এয়া ৰাসৰ আখৰাৰ দৃশ্য ।

দুপৰ নিশালৈকে কংস-দৈৱকীৰ আখৰা ৷ ধেমাজিতো শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি ৷ আখৰাস্থলীতে মুগ্ধ কৰিছে শিল্পীসকলৰ অভিনয়ে ।

ধেমাজিত কংস-দৈৱকীৰ আখৰা (ETV Bharat Assam)

ধেমাজি : শীত আগমনৰ প্ৰাক্‌ক্ষণত শৰৎকালৰ পূৰ্ণিমা নিশাত আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ উৎসৱক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক আখৰা-প্ৰস্তুতি ৷ বিশেষকৈ ৰাস বুলি ক’লে মাজুলীৰ কথা সকলোৰে মনলৈ আহে যদিও ৰাস এতিয়া ৰাজ্যৰ আন আন জিলাতো ব্যাপকভাৱে আয়োজন কৰা হয় ৷

ধেমাজিতো মাছখোৱা মিলন সংঘৰ উদ্যোগত এইবেলি 56 সংখ্যক শ্ৰীকৃষ্ণৰ ৰাসলীলা আয়োজন কৰা হৈছে । তাৰ বাবে দুপৰ নিশালৈকে পূৰ্ণগতিত চলিছে আখৰা ৷ শিশুশিল্পীৰ পৰা আৰম্ভ কৰি কংস-দৈৱকীৰ অভিনয়েৰে আখৰাস্থলীত হৈ পৰিছে ৰাস-সদৃশ পৰিৱেশ ৷

অহা ১৫ আৰু ১৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাসৰ বাবে বায়নসকলক মাজুলীৰ পৰা আনি শিল্পীসকলক প্ৰশিক্ষণ দি উপযুক্ত কৰি লোৱা হৈছে । মধ্য মাজুলীৰ কমলাবাৰী সত্ৰৰ ৰাস শিল্পী পাপুল শইকীয়াৰ নেতৃত্বত শিল্পীসকলে ৰাসনৃত্যৰ নানা মুদ্ৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে ৷

লগতে পঢ়ক :বৰ্ণাঢ্য আয়োজনেৰে হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ
লগতে পঢ়ক :ৰাস মহোৎসৱত মাজুলীত পদূলিয়ে পদূলিয়ে জ্বলিব লক্ষাধিক বন্তি

ABOUT THE AUTHOR

...view details