শিলচৰ:জিৰিবামৰ অপহৃত মেইটেই শিশু-মহিলাৰ হত্যাৰ প্ৰতিবাদত শিলচৰত শ শ মেইটেই লোকৰ বিক্ষোভ প্ৰদৰ্শন । শীঘ্ৰেই হত্যাকাৰী কুকি উগ্ৰপন্থীক গ্ৰেপ্তাৰ নকৰিলে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷
যোৱা সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাৰ জাকুৰাডহৰৰ পৰা ৬ মেইটেই শিশু আৰু মহিলাক অপহৰণ কৰিছিল কুকি উগ্ৰপন্থীয়ে । ইতিমধ্যে অপহৃত ৬ গৰাকীৰ মাজত পাঁচগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে । মৃতদেহ কেইটা বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে ।
বিধায়কৰ বাসগৃহত আক্ৰমণ
কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মণিপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মেইটেই লোকসকলে । বিধায়কসকলৰ বাসগৃহত আক্ৰমণ, গীৰ্জাত অগ্নিসংযোগৰ লগতে বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত কৰিছে মেইটেইয়ে । ইতিমধ্যে ৰাজ্যখনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাখনো জিলাত সান্ধ্য় আইন জাৰি কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা ।