লখিমপুৰ:পূৰ্বতে অখণ্ড ভাৰতৰ ভিতৰত থকা বাংলাদেশক পুনৰ ভাৰতে ঘূৰাই লওক । লখিমপুৰত প্ৰতিবাদস্থলীৰ পৰা এই হুংকাৰ দিলে লোক জাগৰণ মঞ্চই । বাংলাদেশত হিন্দু ধর্মীয় নেতাক আটক কৰা, হিন্দু মঠ মন্দিৰ আৰু হিন্দু ধর্মৰ লোকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে ৰাজ্যজুৰি লোক জাগৰণ মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
এই কাৰ্যসূচীত অংশগ্রহণ কৰি বজৰং দলৰ নেতা লক্ষী গগৈয়ে বাংলাদেশত হিন্দু সম্প্রদায়ৰ ওপৰত হোৱা নিৰ্যাতনৰ গৰিহণা দিয়ে । এয়া শুভ লক্ষণ নহয় বুলি উল্লেখ কৰি তেওঁ এনে অত্যাচাৰ অনতিপলমে বন্ধ কৰাৰ দাবী জনায় । অন্যথা অসমতো ইয়াৰ প্ৰভাৱ পৰিব বুলি তেওঁ উল্লেখ কৰে ।
হিন্দুৰ ওপৰত জেহাদী মৌলবাদীৰ আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি তেওঁ এনে অপশক্তিৰ বিৰুদ্ধে সকলো হিন্দুক ঐক্যবদ্ধ হ'বলৈ আহ্বান জনায় । বাংলাদেশৰ ঘটনাৱলীৰ তেওঁ তীব্র নিন্দা কৰি পূৰ্বৰ অখণ্ড ভাৰতৰ ভিতৰত থকা বাংলাদেশক পুনৰ ভাৰতে ঘূৰাই লোৱাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ কেন্দ্রীয় চৰকাৰক দাবী জনায় ।