গোলাঘাট, 20 ফেব্ৰুৱাৰী :গোলাঘাট জিলাৰমৰঙি ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ উদ্যোগত খুমটাইৰ উপ-জিলা সদৰ মৰঙিত স্থাপন কৰিবলৈ দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বৃহত্তৰ মৰঙি মৌজাৰ লোকসকলে । মঙলবাৰে গোলাঘাটৰ ৰঙাজান তিনিআলিত মৰঙি ঐতিহ্য সুৰক্ষা আৰু বিকাশ মঞ্চৰ আহ্বান ক্ৰমে এক গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। গোলাঘাটৰ মৰঙিৰ বিভিন্ন দল সংগঠনৰ লগতে বৃহত্তৰ ৰাইজ ওলাই আহি গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰে ৷
ভাৰতীয় নিৰ্বাচনী আয়োগে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাচত গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙি মৌজাৰ সৰুপথাৰ সমষ্টিৰ পৰা খুমটাই সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে । তাৰ পাচতে অসম চৰকাৰে সমষ্টিসমূহক উপ জিলা ঘোষণা কৰাৰ পাচতে খুমটাই উপ জিলাৰ সদৰ মৰঙিত স্থাপন কৰিবলৈ দাবী জনাই আহিছিল স্থানীয় লোকসকলে । ইয়াৰ পিচতে খুমটাই উপ জিলাৰ সদৰ খুমটাই সমষ্টিৰ মাজমজিয়াত স্থাপন কৰিবলৈ লোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে ৷