যোৰহাট:চাহ শ্ৰমিকৰ প্ৰতিবাদত শনিবাৰে উত্তপ্ত হৈ পৰে যোৰহাট । যোৰহাটৰ চিনামৰাত সংঘটিত হিট এণ্ড ৰান ঘটনাৰ ন্যায় বিচাৰি পুৱাই ওলাই আহিল হাজাৰ হাজাৰ শ্ৰমিক । ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে মুৰমুৰীয়া চাহ বাগিচাৰ ২৭ নম্বৰ লাইনৰ লক্ষীমণি গোৱালাই পুত্ৰ ৰাহুলৰ সৈতে পুৱাই ওলাই আহিছিল যোৰহাটলৈ বুলি ।
বাগানত কাম কৰাৰ বিনিময়ত তেওঁ লাভ কৰিছিল সাপ্তাহিক দৰমহা আৰু সাপ্তাহিক দৰমহা বেংকৰ পৰা লৈ নিশা ঘৰ অভিমুখে পুত্ৰৰ সৈতে খোজকাঢ়ি আহি থকা সময়ত গাট্টানী প্লাইবৰ্ড ফেক্টৰী দিশৰ পৰা আহি থকা এখন দ্ৰুতবেগী ট্ৰাকে চিনামৰাত মাতৃ-পুত্ৰক মহটিয়াই লৈ যায় ।
ঘটনাস্থলীতে মৃত্যু হয় লক্ষীমণি গোৱালাৰ । ইফালে সংকটজনক অৱস্থাত তেওঁৰ পুত্ৰ ৰাহুল ওৰাঙক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । বৰ্তমান মৃত গোৱালাৰ সন্তানে চিকিৎসালয়ৰ আই চি ইউত মৃত্যুৰে যুঁজি আছে । এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে নিশা প্ৰায় ৭ বজাত ।
এগৰাকী মহিলাক হত্যা কৰা আৰু তেওঁৰ সন্তানক মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিয়া ঘটনাত জড়িত থকা ট্ৰাকখন জব্দ কৰি ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদানৰ লগতে ক্ষতিপূৰণ দিয়াৰ দাবীত শনিবাৰে পুৱাৰ ভাগত মুৰমুৰীয়া চাহ বাগিচাৰ শ্ৰমিকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । ক্ষোভিত প্ৰতিবাদকাৰীসকলে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ ফলত যোৰহাট-মৰিয়নী সংযোগী পথৰ দুয়োকাষে যান-বাহনসমূহ আবদ্ধ হৈ পৰে ।