নিউজ ডেস্ক, ১২ মাৰ্চ:দেশজুৰি নাগৰিকত্ব (সংশোধনী) আইন 2019 চমুকৈ 'কা'ৰ বিধি বলৱৎ হোৱাৰ পাচৰে পৰা প্ৰতিবাদত উত্তাল হৈছে সমগ্ৰ ৰাজ্য । কেন্দ্ৰীয় চৰকাৰৰ এই বিতৰ্কিত আইনখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ জনতা ৷ কাৰ প্ৰতিলিপিৰ সমান্তৰালভাবে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছে ক্ষোভিত জনতাই ৷ মাত্ৰ এটা দিনতেই এই আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্য চৰকাৰে প্ৰতিবাদ ৰোধ কৰাৰ বাবে ঠায়ে ঠায়ে সামৰিক-অৰ্ধসামৰিক বাহিনীৰ লোক স্থাপন কৰাত এই আন্দোলনে এতিয়া অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷
ডিব্ৰুগড়:
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কা বাতিলৰ দাবীত আছুকৰ্মীসকলে সন্ধিয়া জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰা সময়তে আৰক্ষীৰ লগত হতাহতি হয় ৷ আৰক্ষীয়ে গণতান্ত্ৰিক আন্দোলনক দমন কৰিবলৈ চেষ্টা কৰাত ক্ষোভ প্ৰকাশ কৰে ডিব্ৰুগড় জিলা আছু নেতৃত্বই ।
যোৰহাট:
কাৰ বিৰুদ্ধে আজি অৰ্থাৎ মঙলবাৰে সন্ধিয়া যোৰহাট জিলা ছাত্র সন্থাই ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়স্থিত আছু কাৰ্যালয় পৰা এক জোঁৰ সমদল বাহিৰ কৰে ৷ কিন্তু মহাবিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰা সন্মুখত পূৰ্বৰে পৰাই ৰৈ থকা বৃহৎ নিৰাপত্তা ৰক্ষী বাহিনীয়ে গেটত তলা মাৰি ৰাজপথলৈ ওলোৱাত বাধা দিয়ে ছাত্ৰ সন্থা কৰ্মীসকলক । ফলত ছাত্র সন্থা কৰ্মীসকলে ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে ।
কোকৰাঝাৰ:
কোকৰাঝাৰতো আছুৰ জোঁৰ সমদল কাৰ্যসূচীক আৰক্ষী, চিআাৰপিএফৰ বিশাল বাহিনীয়ে বিশাল বাহিনীয়ে বাধা প্ৰদান কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত জিলা আছুৰ নেতা কৰ্মীসকলে আৰক্ষী, চিআৰপিএফ বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু সমৰ সজ্জাৰ মাজতে জোঁৰ লৈ আছুৰ কাৰ্যালয় প্ৰাংগণতে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
শিৱসাগৰ:
একেদৰে শিৱসাগৰৰ কে পি এম চাৰিআলিৰ সমীপৰ আছুৰ কাৰ্যলয়ৰ পৰা সন্ধিয়া জোঁৰ সমদল সাজু হোৱাৰ সময়তে আৰক্ষীৰ লোকে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । যাৰফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ।
মৰিগাঁও:
মৰিগাঁৱতো প্ৰতিবাদকাৰীৰ লগত আৰক্ষী খণ্ড যুদ্ধ সূত্ৰপাত হয় । আছুৰ নেতৃত্বত আন আন সংগঠনসমূহে উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰাত দুয়োপক্ষ তৰ্ক-বিতৰ্কত লিপ্ত হোৱাৰ লগতে আৰক্ষীৰ লগত ঠেলা-হেঁচা পৰিস্থিতিৰ সৃষ্টি হয় ৷
তেজপুৰ: