অসম

assam

ETV Bharat / state

অ'এন জি চিৰ প্ৰকল্পক লৈ এখন গাঁৱৰ ৰাইজৰ মাজতেই লাগিছে অৰিয়া-অৰি - Protest against ONGC

Protest against ONGC : বেদান্ত কোম্পানীয়ে স্থাপন কৰা ৰিগৰ বিৰুদ্ধে ৰাইজৰ মাজতেই সংঘাত । একাংশই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বিপৰীতে আন একাংশৰ সমৰ্থন । কোন সঁচা কোন মিছা ?

By ETV Bharat Assamese Team

Published : May 7, 2024, 1:49 PM IST

Assam Nagaland border
অসম-নাগালেণ্ড সীমান্তত প্ৰতিবাদ (ETV BHARAT ASSAM)

অসম-নাগালেণ্ড সীমান্তত প্ৰতিবাদ (ETV BHARAT ASSAM)

সৰুপথাৰ, ৭ মে' : অ'এন জি চিৰ এক প্ৰকল্পক লৈ এতিয়া উত্তপ্ত এখন গাঁও ৷ গাঁওবাসীৰ মাজতেই প্ৰকল্পটোৰ কামকাজক লৈ মতবিৰোধ ৷ আনকি বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ সৈতেও বাক-বিতণ্ডা এটা ফৈদৰ ৷ অৱশেষত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা ৷

দৰাচলতে অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান সোণালীপথাৰ গাঁৱত অ'এন জি চিৰ বেদান্ত কোম্পানীয়ে স্থাপন কৰা ৰিগৰ পৰা সৃষ্টি হোৱা শব্দ প্ৰদূষণৰ লগতে কৰ্মচাৰীৰ আচৰণৰ বিৰুদ্ধে উত্থাপিত অভিযোগ-প্ৰতি অভিযোগৰ মাজতেই এই লৈ সোমবাৰে দুটা পক্ষৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় । কেইদিনমানৰ পূৰ্বে একাংশ ভুক্তভোগী ৰাইজে এই সন্দৰ্ভত ধনশিৰি মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো সুফল নোপোৱাত বেদান্ত কোম্পানীৰ বিৰুদ্ধে সোমবাৰে বিয়লি সোণালীপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ।

এই ৰাজহুৱা সভাখনত চুঙাজান আঞ্চলিক ছাত্ৰ সন্থা, লাচিত সেনা থলগিৰি, হিন্দু জাগৰণ মঞ্চ, অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি চুঙাজান অঞ্চলৰ গাঁও বুঢ়াসকলৰ উপস্থিতিত অনুষ্ঠিত হয় । বিশেষকৈ ৰিগটোৰ পৰা ওলোৱা শব্দৰ পৰা প্ৰায় ৫০ মিটাৰ আঁতৰত থকা পৰিয়ালৰ শিশুৰ পৰা বৃদ্ধ‌‌‌ লৈকে ভুগিব লগা হৈছে সমস্যাৰ সম্মুখীন । ২৪ ঘন্টাই ৰিগটোৰ পৰা ওলোৱা শব্দৰ বাবেই কণ কণ ল'ৰা- ছোৱালীয়ে পঢ়া-শুনাৰ লগতে ৰাইজে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে বুলি অভিযোগ উঠিছে ।

সোমবাৰে অনুষ্ঠিত প্ৰতিবাদী সভাৰ পাছতে সকলো ৰাইজ বেদান্ত কোম্পানীয়ে স্থাপন কৰা ৰিগটোত উপস্থিত হৈ শ্ল'গানেৰে প্ৰতিবাদ জনায় । লগে লগেই গাঁওখনৰ একাংশই অসুবিধা হোৱা নাই বুলি উল্লেখ কৰি বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ সৈতে তৰ্ক-বিতৰ্কত লিপ্ত হয় । ইয়াৰে সাংবাদিকৰ লগত বিতৰ্কত লিপ্ত হোৱা লোকসকলৰ ভিতৰত এজন হৈছে ঠিকাদাৰ । উল্লেখ্য যে গাঁওখনৰ একাংশই অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে আন একাংশই সীমান্ত অঞ্চলত উন্নয়ন বিচাৰিছে বেদান্ত কোম্পানীৰ পৰা । ইয়াৰ পিচতেই উক্ত ঘটনাস্থলীত চুঙজান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:বোৱাৰী হত্যাৰ অৱসান কেতিয়া ? - Crime Against Daughter In Law

লগতে পঢ়ক:Protest Against ONGC: সোণাৰিৰ নাফুকত ONGC ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ

ABOUT THE AUTHOR

...view details