গুৱাহাটী, ২৪ জুলাই: বিশিষ্ট শিক্ষাবিদ, কমিউনিষ্ট নেতা অৱনী বৰঠাকুৰৰ দেহাৱসান । কমিউনিষ্ট নেতাগৰাকীয়ে ৯৫ বছৰত গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত মঙলবাৰে সন্ধিয়া ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । বিগত কেইবামাহ ধৰি বাৰ্ধক্য়জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল বর্ষীয়ান কমিউনিষ্ট নেতাগৰাকী ।
ভাৰতীয় কমিউনিষ্ট পার্টীৰ অসম শাখাৰ সম্পাদক পদত একালত কার্যনির্বাহ কৰা বৰঠাকুৰক কিছুদিন আগলৈকে অসমৰ প্রতিটো সামাজিক আন্দোলন, অন্যায়-অবিচাৰৰ বিৰুদ্ধে সক্রিয় ৰূপত দেখা গৈছিল । ১৯২৯ চনত জন্মগ্রহণ কৰা অৱনী বৰঠাকুৰে কটন কলেজত অধ্য়য়ন কৰি থকা সময়তেই দেশৰ স্বাধীনতা আন্দোলনত অংশগ্রহণ কৰিছিল । তেওঁ ড৹ দেৱপ্ৰসাদ বৰুৱা, দুলাল খাউণ্ড, জয়ন্ত মাধৱ আদি সহপাঠীৰ সৈতে গ্রহণ কৰিছিল ভাৰতীয় কমিউনিষ্ট পার্টীৰ সদস্য পদ । ১৯৫০ চনৰে পৰা চি পি আইৰ সৰ্বক্ষণৰ কৰ্মী হোৱা বৰঠাকুৰ ১৯৪৫ চনত শিৱসাগৰ জিলা ছাত্র ফেডাৰেচনৰ সম্পাদকৰূপে নির্বাচিত হৈছিল ।
১৯৪৮ চনৰ পৰা ১৯৫৮ চনলৈ অসম ছাত্র ফেডাৰেচনৰ সাধাৰণ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰা অৱনী বৰঠাকুৰে ১৯৫৫ চনত স্নাতক আৰু ১৯৬৩ চনত বুৰঞ্জী বিভাগত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰিছিল । নাজিৰা কলেজ প্রতিষ্ঠাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা অৱনী বৰঠাকুৰে ১৯৮২ চনত কলেজখনৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰে আৰু ১৯৯৪ চনত অব্যাহতি লয় সেই গুৰু দায়িত্বৰ পৰা । ১৯৭০ চনৰ পৰা চি পি আইৰ ৰাজ্যিক কমিটীৰ সহকাৰী সম্পাদক আৰু দলৰ সম্পাদক মণ্ডলীৰ সদস্যৰূপে ১৯৮১ চনলৈ কার্যনির্বাহ কৰিছিল বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে ।