যোৰহাট, ১০ মাৰ্চ:মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । শেহতীয়াকৈ সুদখোৰৰ বিৰুদ্ধে আৰক্ষীক অধিক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে যদিও সুদখোৰৰ আতংক, ভয়-ভাবুকি, ব্লেকমিলিং বৰ্তমানো অব্যাহত আছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিচতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । কিন্ত এনে সময়তে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো যেন কেৰেপ নকৰে মৰিয়নী আৰক্ষীয়ে । মৰিয়নী নগৰত থকা ঔম জুৱেলাৰী নামৰ এখন অলংকাৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বিনয় বাৰ্মাই সুদত টকা দি ৰমৰমীয়া বেহা চলাই আহিছে দীৰ্ঘদিন ধৰি । ধন ধাৰলৈ দিয়াৰ বিনিময়ত দকা হকা দি সুদ আদায় কৰি আহিছে বিনয় বাৰ্মা নামৰ সুদখোৰটোৱে ।
শেহতীয়াভাবে সুদ আদায় দি সৰ্বস্বান্ত হোৱা বিপুল কোঁৱৰ নামৰ এজন ব্যক্তিয়ে সুদখোৰ বিনয় বাৰ্মাৰ বিৰুদ্ধে মৰিয়নী থানাত এজাহাৰ দাখিল কৰা সত্বেও আৰক্ষীয়ে কোনো ধৰণৰ কঠোৰ পদক্ষেপ সুদখোৰৰ বিৰুদ্ধে গ্ৰহণ নকৰাৰ গুৰুত্ব অভিযোগ উথাপিত হৈছে । আৰক্ষীয়ে এজাহাৰ দাখিল কৰা বিপুল কোঁৱৰক গোচৰ পঞ্জীভুক্ত কৰাৰ সলনি সুদখোৰৰ সৈতে বুজাবুজি কৰি সুদ আদায় দিবলৈহে পৰামৰ্শ আগবঢ়োৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।