যোৰহাট, 8 ফেব্ৰুৱাৰী :সুদখোৰৰ মানসিক অত্যাচাৰৰ সন্মুখীন হৈ এগৰাকী ব্যৱসায়ীয়ে চৰম পন্থা বাচি লোৱা ঘটনাৰ সন্দৰ্ভত অৱশেষত এটা সুদখোৰক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুদখোৰটোৰ নাম নৱজিৎ শইকীয়া বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুদখোৰ নৱজিৎ শইকীয়াক ৷ যোৰহাটৰ দক্ষিণ প্ৰান্তৰ চিনামৰাৰ স্বায়ী বাসিন্দা নৱজিত শইকীয়া নামৰ সুদখোৰটো বৰ্তমান পৰিয়ালৰ সৈতে যোৰহাট নগৰৰ দহাবৰা চুকত বসবাস কৰি আছিল ৷
উল্লেখ্য যে মঙলবাৰে যোৰহাট চোলাধৰাৰ নিজ ব্যৱসায়ী প্ৰতিষ্ঠানত কিশোৰ কুমাৰ বৰঠাকুৰ নামৰ ব্যৱসায়ী গৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লৈছিল ৷ সুদখোৰৰ মানসিক অত্যাচাৰ আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি ব্যক্তিজনে এই পন্থা গ্ৰহণ কৰা বুলি অভিযোগ উঠিছিল ৷ ব্যৱসায়ীজনে জেইল ৰোডৰ কুশল নগৰ অঞ্চলত ভাড়াঘৰ লৈ বসবাস কৰি আছিল ৷ ভাড়াঘৰ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ আহি সুদখোৰে আহি বিভিন্ন দাবী-ধমকি প্ৰদান কৰি ব্যৱসায়ী গৰাকীক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়াল লোকে ৷ সুদখোৰৰ এই অত্যাচাৰৰ ফলতে চোলাধৰাত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানত আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ কৰিছিল ব্যৱসায়ীজনে ৷