নিউজ ডেস্ক, 19 আগষ্ট : সুৰাপায়ীসকলৰ বাবে সুখবৰ ৷ ৰাজ্যত হ্ৰাস পালে বিলাতী সুৰাৰ দাম ৷ সুৰাপায়ীৰ মুখত হাঁহি বিৰিঙাই ৰাজ্যৰ আবকাৰী বিভাগে এই সন্দৰ্ভত জাৰী কৰিছে বিবৃত্তি ৷ আবকাৰী বিভাগৰ বিবৃত্তি অনুসৰি 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব সুৰাৰ নতুন মূল্য ৷
আবকাৰী বিভাগে জাৰী কৰিছে বিবৃত্তি (ETV Bharat Assam) অসম চৰকাৰৰ আবকাৰী বিভাগে 17 আগষ্টত প্ৰকাশ কৰা এক ৰাজহুৱা বিজ্ঞপ্তিত উল্লেখ কৰিছে যে, চলিত বৰ্ষৰ 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব সুৰাৰ নতুন নিৰিখ ৷ এই বিজ্ঞপ্তি অনুসৰি বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম 22 টকাৰ পৰা আৰম্ভ কৰি 214 টকালৈকে হ্ৰাস কৰিছে আবকাৰী বিভাগে ৷
ৰাজ্যত হ্ৰাস পালে বিলাতী সুৰাৰ দাম (ETV Bharat Assam) আবকাৰী বিভাগৰ বিজ্ঞপ্তি অনুসৰি কিমান কমিব সুৰাৰ দাম :
- 5 শতাংশ এলকহলযুক্ত 650 মিলি লিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হৈছে 22 টকাকৈ ৷
- 5 শতাংশৰ অধিক এলকহলযুক্ত 650 মিলি লিটাৰৰ বিয়েৰৰ দাম হ্ৰাস কৰা হৈছে 34 টকাকৈ ৷
- জেনেৰেল ব্ৰেণ্ড (General Brand)ৰ 750 মিলি লিটাৰৰ ৰামত (Rum) 117 টকাকৈ হ্ৰাস ৷
- ৰেগুলাৰ ব্ৰেণ্ডৰ 750 মিলিলিটাৰৰ হুইস্কী, জীন আদিৰ দাম 144 টকাকৈ হ্ৰাস কৰা হৈছে ৷
- লাক্সাৰী ব্ৰেণ্ডৰ 360 টকাৰ পৰা 500 টকাৰ ভিতৰৰ 750 মিলি লিটাৰৰ হুইস্কী, ব্ৰেণ্ডী, জীনৰ দাম 166 টকাকৈ হ্ৰাস কৰা হৈছে ৷
- লাক্সাৰী ব্ৰেণ্ডৰ 350 টকাৰ পৰা 500 টকাৰ ভিতৰৰ 750 মিলি লিটাৰৰ ৰামৰ দাম 166 টকাকৈ হ্ৰাস ৷
- এলিগেন্ট ব্ৰেণ্ডৰ 500 টকাৰ পৰা 700 টকাৰ ভিতৰৰ 750 মিলি লিটাৰৰ ব্ৰেণ্ডী, জীন, হুইস্কীৰ দাম 214 টকাকৈ হ্ৰাস কৰা হৈছে ৷
1 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব সুৰাৰ নতুন নিৰিখ (ETV Bharat Assam)
উল্লেখ্য যে, ৰাজ্য চৰকাৰে আবকাৰী ৰাজহ বৃদ্ধি কৰিবলৈ চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰিছিল বিলাতী সুৰাৰ দাম ৷ 750 মিলি লিটাৰৰ সুৰাৰ বিপৰীতে দাম বৃদ্ধি হৈছিল 150ৰ পৰা 312 টকালৈ ৷ সাধাৰণ ব্ৰেণ্ডৰ 750 মিলি লিটাৰৰ সুৰাৰ দাম 152 টকাকৈ বৃদ্ধি হৈছিল ৷ ৰেগুলাৰ ব্ৰেণ্ডৰ 750 মিলি লিটাৰৰ সুৰাত 130 টকাকৈ, লাক্সাৰী ব্ৰেণ্ডৰ 750 মিলি লিটাৰৰ সুৰাত 175 টকা, এলিগেণ্ট ব্ৰেণ্ডৰ 750 মিলি লিটাৰ সুৰাৰ দাম 225 টকাকৈ বৃদ্ধি পাইছিল ৷
লগতে পঢ়ক :ৰাজ্যত আজিৰে পৰা পুনৰ বৃদ্ধি পালে বিলাতী সুৰাৰ মূল্য - Assam Liquor Price Hike