অসম

assam

ETV Bharat / state

২ লাখৰো অধিক মূল্যত ক্ৰয় এখন ফুলাম গামোচা ! বিশেষত্ব কি এই ফুলাম গামোচাখনৰ - Expensive Gamosa - EXPENSIVE GAMOSA

Expensive Gamosa: থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰ কৰা এখন ফুলাম গামোচা 2 লাখ 5 হাজাৰ টকাত বিক্ৰী হ’ব পাৰে নে ? বাস্তৱত এয়া সঁচা প্ৰতিপন্ন কৰিলে এজন লোকে ৷ ক’ৰ এই ঘটনা, ফুলাম গামোচাখনৰ বিশেষত্ব কি জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন---

Price of a Flowery Gamosa is two lakh 5 thousand;Where the purchase has taken place
২ লাখৰো অধিক মূল্যত ক্ৰয় এখন ফুলাম গামোচা (Etv bharat assam)

By ETV Bharat Assamese Team

Published : May 21, 2024, 11:00 PM IST

২ লাখৰো অধিক মূল্যত ক্ৰয় এখন ফুলাম গামোচা (Etv bharat assam)

মঙলদৈ, 21 মে’: থলুৱা শিপিনীৰ দ্বাৰা প্ৰস্তুত কৰা এখন ফুলাম গামোচা বিক্ৰী হ’ল 2 লাখ 5 হাজাৰ টকাত ৷ অবিশ্বাস্য যদিও এই খবৰ সত্য । দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত অসমীয়াৰ স্বাভিমান ফুলাম থলুৱা গামোচা বিক্ৰী হ’ল 2 লাখ 5 হাজাৰ টকাত ।

দেৱবস্ত্ৰ হিচাবে নামাংকৃত এই বিশেষ ফুলাম গামোচাখন মঙলদৈ টেঙাবাৰীৰ দিনেশ্বৰ শৰ্মাৰ পুত্ৰ তথা অভিযন্তা ৰাকেশ শৰ্মাই অবিশ্বাস্য দৰত শৰ্মাৰ মাতৃ প্ৰয়াত মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে ।

কি বিশেষত্ব এই ফুলাম গামোচাখনৰ:

লক্ষণীয় যে, ডাঁহী অৰ্জুনতল বিষ্ণুমন্দিৰৰ জেঠমহীয়া বিষ্ণু হোমত বিষ্ণু মন্দিৰ নিৰ্মাণৰ অৰ্থে 2010/11 চন মানৰ পৰা বছৰে বছৰে দেৱবস্ত্ৰ নিলাম কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে । প্ৰকৃততে এখন ফুলাম গামোচা অধিবাসৰ দিনটোৰে পৰা মন্দিৰত বিশেষ পূজা-অৰ্চনাৰে থাপনা পাতি দেৱবস্ত্ৰ হিচাবে ৰাইজৰ মাজত দ্বিতীয় দিনা নিলামৰ বাবে এৰি দিয়া হয় ।

এই বিশেষ গামোচাখনে মন্দিৰত পূজা সম্পন্ন হোৱাৰ পাছত বিশেষ গুণ অৰ্জন কৰা বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে আৰু নিলামত ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায় ।

এইবাৰ 17 জনকৈ লোকে 1 লাখ 75 হাজাৰ টকা পৰ্যন্ত আগবঢ়াই যদিও ৰাকেশ শৰ্মাই চূড়ান্তভাবে 2.50 লাখ টকাৰে অন্তিম ডাকত গামোচাখন নিলামত ক্ৰয় কৰে ৷ এই নিলাম অনুষ্ঠান মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় । মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰা, মন্দিৰ পৰিচলনা সমিতিৰ সভাপতি হৰিদেৱ শৰ্মা, সম্পাদক হিমাংশু ডেকা, পূৰ্বৰ সভাপতি খিতেশ্বৰ শৰ্মাই অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ আঁত ধৰে যুৱ সমাজকৰ্মী হিৰণ্য ডেকাই ৷

লগতে পঢ়ক:বহিঃৰাজ্যত অসমীয়া গামোচা প্ৰস্তুত কৰিলেই চৰকাৰে ল’ব আইনী ব্যৱস্থা - Assamese Gamocha

ABOUT THE AUTHOR

...view details