গুৱাহাটী,১৫ মে':আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক । বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম শুনি মূৰে-কঁপালে হাত দিছে সাধাৰণ জনতাই । পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত দুগুণ বৃদ্ধি পাইছে খাদ্যসামগ্ৰীৰ মূল্য । শাক-পাচলি, আলু-পিয়াঁজৰ সমান্তৰালকৈ বৃদ্ধি পাইছে মাংস, কণীৰো মূল্য । একাংশৰ আকৌ অভিযোগ নিৰ্বাচন পাছতে বৃদ্ধি হৈছে খাদ্য সামগ্রীৰ মূল্য । মূল্যবৃদ্ধিৰ ফলত বিপদ পৰিছে গৃহিনীসকলো ।
নিৰ্বাচনৰ পূৰ্বে প্ৰতি প্লেট কণীৰ মূল্য আছিল ১৫০টকা, আৰু এতিয়া প্ৰতি প্লেট কণীৰ মূল্য ২০০-২১০ টকা । প্ৰতিটো কণীৰ মূল্য ২ টকাকৈ বৃদ্ধি হৈছে । আনহাতে নিৰ্বাচনৰ পিছত গোটা ব্ৰয়লাৰ দাম হৈছে ১৬০-১৮০ টকা আৰু কটা ব্ৰয়লাৰ দাম ৩০০ টকালৈ বৃদ্ধি পাইছে । ঠিক তেনেদৰে বৃদ্ধি হৈছে আলু-পিয়াঁজৰ মূল্য । প্ৰতি কিলো আলু-পিয়াঁজৰ মূল্য বৃদ্ধি পাইছে ৫-৭ টকালৈ ।
মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে যোগান বিভাগত তলা মাৰি থ'ব লাগে বুলি কটাক্ষ কৰে আছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে । আঁচনি দিয়াৰ প্ৰলোভন, লাখপতি বনোৱাৰ প্ৰলোভন দিয়াৰ সময়ত চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ কথা নাভাবিলে বুলি তেওঁ উল্লেখ কৰে ।