গুৱাহাটী,১১ মে':নিৰ্বাচন শেষ হোৱাৰ লগে লগে সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আকাশ চুবলৈ ধৰিছে । ই ভি এমত বুটাম টিপাৰ পিছদিনাখনৰ পৰা নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । নিত্য প্ৰয়োজনীয় প্ৰায় প্ৰতিবিধ খাদ্য সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধি হৈছে । অসমত বিজেপিকে ধৰি সকলো দলৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল । আনকি দলৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰা হৈছিল ৷
এতিয়া নিৰ্বাচনো গ'ল প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল । বৰ্তমান পাইকাৰী বজাৰত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য প্ৰায় এশ শতাংশ অৰ্থাৎ দুগুণ বৃদ্ধি হৈছে বুলি জানিবলৈ দিয়ে একাংশ খুচুৰা ব্যৱসায়ীয়ে । খুচুৰা বজাৰৰ মূল্যসূচীৰ ক্ষেত্ৰতো একে পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ উল্লেখ্য যে, পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্তুৰ মূল্য ২০-৩০ শতাংশ অধিক হয় ।
আনহাতে শেহতীয়া নিৰ্বাচনৰ পিছৰ দিনাৰ পৰাই ৰাজ্যত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ ২০ ৰ পৰা ৫০ শতাংশ মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । ব্যৱসায়ীসকলে মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰা বিষয়টোত চকু মুদা কুলিৰ ভাও জুৰিছে চৰকাৰ তথা বিয়াগোম যোগান বিভাগে । উল্লেখ্য যে,অসমসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ বজাৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ হয় গুৱাহাটীৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ ফাঁচীবজাৰৰ পৰা । পিছে ফাঁচীবজাৰৰ পাইকাৰী বজাৰতে এতিয়া প্ৰতিবিধ খাদ্য সামগ্ৰীৰে মূল্য আকাশলংঘী ।
মূল্যবৃদ্ধিৰ প্ৰসংগত ইটিভি ভাৰতে জৰীপ চলাইছিল গুৱাহাটীৰ কেইখনমান বজাৰত । উক্ত জৰীপত ব্যৱসায়ীসকলে সদৰী কৰা অনুসৰি নিৰ্বাচন শেষ হোৱাৰ পিছদিনাৰ পৰা শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাংস, কনী আৰু ফলমূল আদিৰ দাম বৃদ্ধি হৈছে । নিৰ্বাচনৰ আগত আলুৰ দাম আছিল প্ৰতি কিলোগ্ৰামত ৩০ টকা । এই দাম বৃদ্ধি হৈ নিৰ্বাচনৰ পিছত এতিয়া প্ৰতি কিলোগ্ৰামত ৪০ টকা হৈছে ।