অসম

assam

ETV Bharat / state

নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ ইণ্ডিজিনাচ ষ্টুডেণ্ট ফ’ৰামৰ - Press meet of Indigenous Student Forum - PRESS MEET OF INDIGENOUS STUDENT FORUM

NC Hills Indigenous Students Forum: নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক বিসংগতিক লৈ সৰৱ হৈ উঠিছে ইণ্ডিজিনাচ ষ্টুডেণ্ট ফ’ৰামৰ লগতে ৯ টাকৈ ছাত্ৰ সংগঠন । এটা বিশেষ জনগোষ্ঠীৰ নিবনুৱা প্ৰাৰ্থীসকলক পিছফালৰ দুৱাৰেৰে বিভিন্ন পদত নিযুক্তি দিয়াৰ অভিযোগ সংগঠন কেইটাৰ । সংগঠনটোৱে সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰিলে এই কথা ৷

Parties and organisations on discrepancies in the recruitment process in NC Hills
নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিক লৈ সৰৱ দল-সংগঠন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:53 AM IST

Updated : Jun 7, 2024, 12:22 PM IST

ডিমা হাচাও, ৭ জুন: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিক লৈ এইবাৰ সৰৱ হৈ উঠিছে ইণ্ডিজিনাচ ষ্টুডেণ্ট ফ’ৰামৰ লগতে ৯ টাকৈ স্থানীয় ছাত্ৰ সংগঠন । বৃহস্পতিবাৰে ফ’ৰামৰ হাফলংস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে ৷

নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিক লৈ সৰৱ দল-সংগঠন (ETV Bharat Assam)

সংগঠনটোৱে দাবী কৰা অনুসৰি, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত নিযুক্তিৰ ক্ষেত্ৰত জিলাখনৰ এটা জনগোষ্ঠীৰ নিবনুৱাসকলকহে নিযুক্তি দিয়া হৈছে ৷

সংবাদমেলত অভিযোগ উত্থাপন সংগঠনটোৰ প্ৰতিনিধিসকলে কয়, ডিমা হাছাওত অন্যান্য জনগোষ্ঠীৰ শিক্ষিত নিবনুৱা প্ৰাৰ্থীসকলক বঞ্চিত কৰি এটা বিশেষ জনগোষ্ঠীৰ নিবনুৱা প্ৰাৰ্থীসকলক পিছ দুৱাৰেৰে বিভিন্ন পদত নিযুক্তি দিয়া হৈছে । যাৰ বাবে এই ৯ টা ছাত্ৰ সংগঠনে ক্ষোভ ব্যক্ত কৰি অনতিপলমে এই ধৰণৰ নিযুক্তি বন্ধ কৰাৰ দাবী উত্থাপন কৰে ৷ তদুপৰি বিষয়টোত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰে ।

বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদত এনে বিশেষ এটা জনগোষ্ঠীক নিযুক্তি দিয়া হ'লে ডিমা হাছাও জিলাত কেতিয়াও শান্তি ঘূৰি নাহিব । সংবাদমেলত ডেভিড কেভমে কয়, যাৰ শিক্ষাগত অৰ্হতা নাই, তেওঁলোককহে নিযুক্তি দিয়া হৈছে । অনতিপলমে এই নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবী জনায় ছাত্ৰনেতাগৰাকীয়ে ।

তেওঁ ২০১০ চনত পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ নাম চৰকাৰীভাৱে সলনি কৰি ডিমা হাছাও কৰা হ'লেও, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নাম চৰকাৰীভাৱে সলনি কৰা নহয় বুলি সদৰী কৰে । দেখা গৈছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবে(ট্ৰান্সফাৰ) যেতিয়া কোনো নিৰ্দেশনা বা কোনো চাৰ্টিফিকেট প্ৰদান কৰে, তাত লিখা থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ হিচাপেহে ।

কিন্তু পৰিষদৰ প্ৰধান সচিবে(নৰ্মাল) যেতিয়া কোনো নিৰ্দেশনা বা পত্ৰ প্ৰদান কৰে, এই পত্ৰত লিখা হয় ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদ । এইবিষয়ে ডিমা হাছাওৰ ৰাইজৰ মাজতে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি সংবাদমেলত মন্তব্য কৰে ডেভিড কেভমে ।

লগতে তেওঁ কয়, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ যেতিয়া কংগ্ৰেছৰ শাসনত আছিল, তেতিয়া এই পাহাৰীয়া জিলাৰ সংখ্যালঘু জনজাতি গোষ্ঠীৰ নিৰ্বাচিত জনপ্ৰতিনিধিক পৰিষদৰ কাৰ্যনিৰ্বাহ সমিতিত স্থান দিয়া হৈছিল ।

কিন্ত বিজেপি শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সমিতিত এই সংখ্যালঘু জনগোষ্ঠীৰ নিৰ্বাচিত জনপ্ৰতিনিধিক পৰিষদৰ কাৰ্যনিৰ্বাহ সমিতিত স্থান দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে ডেভিড কেভমে । ডিমা হাছাওত বসবাস কৰা অন্যান্য জনগোষ্ঠীৰ লগতে যদি এনে আচৰণ অব্যাহত থাকে, তেনেহ’লে পৰৱৰ্তী সময়ত তেওঁলোকে আন্দোলনৰ পথ বাছি ল’ব ৷

লগতে পঢ়ক:উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 11 গৰাকী কাৰ্যনিৰ্বাহক সদস্যৰ শপত গ্ৰহণ

সুৰাপান কৰি ৰোগী, ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ চিকিৎসালয়ৰ কৰ্মচাৰীৰ ! - Haflong Civil Hospital

Last Updated : Jun 7, 2024, 12:22 PM IST

ABOUT THE AUTHOR

...view details