ডিব্ৰুগড়, ১৬ মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ মাজত সংঘাত বৃদ্ধি পাইছে । চাহ জনগোষ্ঠীৰ বহুকেইটা সংগঠনৰ লগতে চাহ জনজাতিৰ ছাত্ৰ সন্থাই ৰামেশ্বৰ তেলীক বিজেপিয়ে পুনৰ টিকট দিলে বিজেপিক বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব বুলিও ঘোষণা কৰি ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল । চাহ জনজাতি ছাত্ৰ সন্থাৰ এই প্ৰতিবাদৰ পাচতো টিকট কৰ্তন হৈছিল ৰামেশ্বৰ তেলীৰ ।
ডিব্ৰুগড়ৰ পৰা টিকট কৰ্তন হোৱা ৰামেশ্বৰ তেলীৰ ক্ষোভ মাৰ যোৱা নাই । এটা দিনৰ পূৰ্বে তিনিচুকীয়াৰ এখন সভাত চাহ জনজাতি ছাত্ৰ সন্থা মৰিলেও মোৰ সমান হ'ব নোৱাৰে বুলি মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সংগঠনটোক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল । ইয়াৰ পাচতে আজি অৰ্থাৎ শনিবাৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই চাবুৱাত এখন সংবাদমেল অনুষ্ঠিত কৰে ।