গুৱাহাটী, 10 জুন : উখল-মাখল নীলাচলৰ বুকু ৷ মহা অম্বুবাচী মেলালৈ মাজত মাথোঁ কেইটামান দিন বাকী ৷ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে অম্বুবাচীৰ ৷ অম্বুবাচী মেলা উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটিছে সাধু-সন্তৰো ৷ কামাখ্যাৰ প্ৰৱেশদ্বাৰৰ পৰা ওপৰলৈ উঠি যোৱা পথছোৱা এতিয়া ৰং বোলোৱাত ব্যস্ত বনুৱাসকল ৷ ঠায়ে ঠায়ে যাত্ৰী তথা পৰ্যটকৰ সুবিধাৰ্থে নিৰ্মাণ কৰি থকা হৈছে পানী আৰু খাদ্য বিতৰণ কৰা স্থানসমূহ ৷
অম্বুবাচীৰ ব্যাপক প্ৰস্তুতি আৰম্ভ (ETV BHARAT ASSAM) উল্লেখযোগ্য যে দেশৰ 51 খন শক্তিপীঠৰ ভিতৰত অন্যতম হৈছে মা কামাখ্যা ধাম ৷ কামাখ্যা ধামত অনুষ্ঠিত হোৱা মহা অম্বুবাচী মেলাত প্ৰতিবছৰে আগমন ঘটে দেশ-বিদেশৰ লাখ লাখ সাধু-সন্ন্যাসী তথা ভক্তৰ ৷ অম্বুবাচীৰ প্ৰায় এমাহ পূৰ্বৰে পৰা নীলাচললৈ আগমন ঘটে বহু সাধু-সন্ন্যাসীৰ ৷ চলিত বৰ্ষৰ 22 জুনৰ পৰা 26 জুনলৈ শক্তিপীঠ মা কামাখ্যা ধামত অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা ৷ 22 জুনৰ পুৱা 8 বাজি 43 মিনিট 39 ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব ৷ অম্বুবাচী প্ৰবৃত্তিৰ পাচত অৰ্থাৎ 22 জুনৰ পৰা 26 জুনলৈ বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ ৷
26 জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ মূল দুৱাৰ ৷ ইফালে প্ৰতিবর্ষৰ দৰে এইবর্ষও অম্বুবাচী উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটা লাখ লাখ ভক্ত তথা সাধু-সন্তক আদৰিবলৈ সাজু হৈছে মন্দিৰ কৰ্তৃপক্ষ ৷ কামাখ্যা মন্দিৰৰ দলৈ কবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, 22 জুনৰ পৰা 26 জুনলৈ বন্ধ থাকিব মন্দিৰৰ দুৱাৰ ৷ 26 জুনৰ পুৱা নিত্য পূজাৰ পাচত খুলি দিয়া হ'ব মন্দিৰৰ মূল দ্বাৰ ৷ অম্বুবাচীৰ বাবে যিখিনি কৰণীয় আছে, সেইখিনি ইতিমধ্যে আৰম্ভ হৈছে ৷ দেৱালয় কৰ্তৃপক্ষই ইতিমধ্যে স্থানীয় ৰাইজৰ লগত লগ হৈ এখন পৰিচালনা সমিতি গঠন কৰিছে ৷ ঠায়ে ঠায়ে খোৱাপানী, চি চি কেমেৰাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰস্তুতি চলোৱা হৈছে ৷ অম্বুবাচীৰ আয়োজনক লৈ ইতিমধ্যে ৰাজ্যৰ পৰ্যটন বিভাগৰ সৈতে মন্দিৰ কৰ্তৃপক্ষৰ আলোচনা অনুষ্ঠিত হৈছে ৷ এই বৈঠকত কামৰূপ জিলা প্ৰশাসনৰ লগতে, অন্যান্য বিভাগ সমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ অম্বুবাচী মেলাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত মন্দিৰ কৰ্তৃপক্ষই গঠন কৰিছে পৰিচালনা সমিতি ৷'
দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা অনুসৰি, বিগত 2012 চনৰ পৰা প্ৰতি বছৰে অম্বুবাচীলৈ আগমন ঘটা ভক্তৰ সংখ্যা বৃদ্ধি পাই আহিছে ৷ যোৱাটো বর্ষত অম্বুবাচীমেলা উপলক্ষে কামাখ্যা ধামলৈ আগমন ঘটিছিল প্ৰায় 25 লাখ ভক্তৰ ৷ সেয়েহে এইবৰ্ষও পূৰ্বতকৈ ভক্তৰ সংখ্যা বাঢ়িব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ কৰ্তৃপক্ষই ৷
লগতে পঢ়ক :মহা অম্বুবাচীত লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা ধাম কৰ্তৃপক্ষ - Ambubachi Mela 2024