ETV Bharat / bharat

হাতীৰ ওপৰত উঠিল বাঘ; সামাজিক মাধ্যমত ভাইৰেল বিপজ্জনক ভিডিঅ' - SHOCKING VIDEO TIGER AND ELEPHANT

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ'টোত দুজন ব্যক্তিক হাতীৰ ওপৰত বাঘ এটা উঠাই লৈ ঘূৰি ফুৰা দেখা গৈছে ।

SHOCKING VIDEO TIGER AND ELEPHANT
হাতীৰ ওপৰত উঠিল বাঘ (@guru_ji_ayodhya)
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2024, 1:22 PM IST

হায়দৰাবাদ : ছ'চিয়েল মিডিয়াত প্ৰতিদিনে বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰকাশ পায় । এই ভিডিঅ'বোৰে কেতিয়াবা কেতিয়াব নেটিজেনক মনোৰঞ্জনৰ খোৰাক যোগায় যদিও ইয়াৰ ভয়াৱহতাও চৰ্চাৰ বিষয় হৈ পৰে । তেনে এটা ভিডিঅ' শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু ভিডিঅ'টো চাই মানুহ আচৰিত হৈ পৰিছে । ভিডিঅ'টোত এটা হাতীৰ ওপৰত মানুহৰ সৈতে এটা বাঘো বহি থকা দেখা গৈছে । এই ভিডিঅ'টো বিহাৰৰ বুলি উল্লেখ কৰা হৈছে আৰু সামাজিক মাধ্যমত ই বহুলভাৱে শ্বেয়াৰ হৈ আছে ।

ভিডিঅ'টোত দেখা গৈছে যে বাঘটোক এডাল ৰছীৰে বান্ধি হাতীটোৰ ওপৰত উঠাই লোৱা হৈছে । ভিডিঅ'টো চাই এনে লাগিছে যেন এইটো বাঘ নহয়, এটা পোহনীয়া কুকুৰহে । ভিডিঅ'টোত দেখা গৈছে যে হাতীৰ ওপৰত দুজন ব্যক্তি বহি আছে । তেওঁলোকৰ এজনে ভিৰ নিয়ন্ত্ৰণ কৰি আছে আৰু আনজনে বাঘটোৰ কাণত ধৰি আছে । মাজে মাজে আকৌ বাঘটোৰ কাণ জোৰেৰে মোহাৰি আছে । অৱশ্যে এই সময়ছোৱাত বাঘটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বিপৰীতে অতি শান্তভাৱে বহি আছে ।

ইফালে এই ভিডিঅ'টো সামাজিক মাধ্যমত প্ৰকাশৰ পিছতে নেটিজেনসকলৰ মাজত কমেণ্টৰ জোৱাৰ উঠিছে । কোনোৱে কৈছে, বিহাৰৰ পৰা এনেধৰণৰ ভিডিঅ' আহিব আৰু কমেণ্ট নকৰিম, সেইটো হ'বই নোৱাৰে । অৱশ্যে যদিও ভিডিঅ'টো পুৰণি বুলি কোৱা হৈছে, কিন্তু একাংশই আকৌ কৈছে যে বিহাৰত সকলো সম্ভৱ । ভিডিঅ'টো এক্সত @guru_ji_ayodhya নামৰ একাউণ্ট এটাৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছে ।

এজন ইউজাৰে লিখিছে, "ইয়ে বিহাৰ হে বাবু, য়হা উৰতি চিড়িয়াকো ভী হল্দী লগা দেতে হ্যে ।" আন এজন ইউজাৰে আকৌ লিখিছে যে এই ব্যক্তিকেইজনকতো সাংঘাতিক বিপজ্জনক যেন লাগিছে । আন এজনে লিখিছে, "নিশ্চিতভাৱে তেওঁলোক বন বিভাগৰ লোক হ'ব । নহ’লে কোনো সাধাৰণ মানুহৰ এনে কৰাৰ সাহস নাই ।"

লগতে পঢ়ক :অংগনৱাড়ীত নাম পঞ্জীয়ন কৰি ছানী লিয়নীয়ে লৈছে চৰকাৰী আঁচনিৰ সুবিধা ! - MAHTARI VANDANA YOJANA
লগতে পঢ়ক :ৰাখে হৰি মাৰে কোনে ? - 500 GRAM BABY GIRL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.