অসম

assam

ETV Bharat / state

কেৰালাৰ উপ-নিৰ্বাচনৰ গুৰু দায়িত্ব এগৰাকী অসমসন্তানৰ ওপৰত - KERALA CEO PRANABJYOTI NATH

প্ৰণৱজ্যোতি নাথ এগৰাকী জ্যেষ্ঠ তথা সুযোগ্য আই এ এছ বিষয়াই নহয় ৷ অসমীয়া কাব্য সাহিত্যৰো তেওঁ এটা পৰিচিত নাম ৷

Pranabjyoti Nath appointed as new chief electoral officer of Kerala
কেৰালাৰ উপ-নিৰ্বাচনৰ গুৰু দায়িত্ব এগৰাকী অসমসন্তানৰ ওপৰত (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 3:54 PM IST

হায়দৰাবাদ: উপ-নিৰ্বাচনৰ ৰাজনৈতিক বতাহে অসমৰ পাঁচটাকৈ বিধানসভা সমষ্টিক কোবাই থকাৰ সময়তে দক্ষিণ ভাৰতৰ কেৰালাও সাজু হৈছে ৰাজ্যখনৰ তিনিটাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৷ কেৰালাৰ উপ-নিৰ্বাচনৰ খবৰটো অসমৰ বাবে এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো সেইখন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া এই উপ-নিৰ্বাচন চম্ভালিব এজন অসমীয়া আই এ এছ বিষয়াই ৷

কাৰণ দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়া পদত নিযুক্তি দিছে সুযোগ্য আই এ এছ বিষয়া অসমসন্তান প্ৰণৱজ্যোতি নাথক ৷ ২০০৫ বৰ্ষৰ কেৰালা কেডাৰৰ আই এ এছ বিষয়া প্ৰণৱজ্যোতি নাথে ইতিমধ্যে এই গুৰু দায়িত্ব চমজি লৈছে ৷ উল্লেখ্য যে কেৰালাৰ ৱায়নাড় লোকসভা সমষ্টিৰ উপৰিও আৰু দুটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷

এই তিনিওটা সমষ্টিৰে উপ-নিৰ্বাচন সুকলমে চলাই নিয়াৰ এই গধুৰ দায়িত্ব এতিয়া এইগৰাকী অসমসন্তানৰ ওপৰত ৷ ৱায়নাড় সমষ্টিটো ৰাহুল গান্ধীয়ে এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া সেইটো সমষ্টিৰ পৰা উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছে প্ৰিয়ংকা গান্ধী ৷

প্ৰণৱজ্যোতি নাথ কোন:

প্ৰণৱজ্যোতি নাথ এগৰাকী জ্যেষ্ঠ তথা সুযোগ্য আই এ এছ বিষয়াই নহয় ৷ অসমীয়া কাব্য সাহিত্যৰো তেওঁ এটা পৰিচিত নাম ৷ এগৰাকী কবি হিচাপে অসমীয়া কাব্য সাহিত্যত তেওঁৰ আছে আন এটা পৰিচয় ৷

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰণৱজ্যোতি নাথে এটা সময়ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰূপে ওড়িশাতো সেৱা আগবঢ়াইছিল ৷ শেহতীয়াকৈ কেৰালা চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ বিভাগৰ লগতে সংখ্যালঘু কল্যাণ বিভাগৰো সচিব পদতো কাৰ্যনিৰ্বাহ কৰি আছিল প্ৰণৱজ্যোতি নাথে ৷ কিন্তু বিগত ৩০ আগষ্টৰ পৰা কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পদটো খালী হৈ আছিল ৷

সেই পদত নিযুক্তিৰ বাবে কেৰালা চৰকাৰে ইতিপূৰ্বে কেইবাগৰাকীও আই এ এছ বিষয়াৰ দুখনকৈ তালিকা দেশৰ নিৰ্বাচন আয়োগলৈ পঠিয়াইছিল যদিও দুয়োখন তালিকাই আয়োগে নাকচ কৰিছিল ৷

অৱশেষত ৰাজ্য চৰকাৰখনে পুনৰ ২১ অক্টোবৰত নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰে তিনিজনীয়া এখন তালিকা আৰু সেই তালিকাৰ পৰাই নিৰ্বাচন আয়োগে চূড়ান্ত কৰে প্ৰণৱজ্যোতি নাথৰ নাম ৷

লগতে পঢ়ক:এক অজান দেশলৈ গুচি গ’ল বিস্ময় যুগৰ স্ৰষ্টা শশী ফুকন

ABOUT THE AUTHOR

...view details