অসম

assam

ETV Bharat / state

বিদ্যুৎ মাচুল বৃদ্ধিৰ আজিৰ তাৰিখত কোনো প্ৰাসংগিকতা নাই : প্ৰশান্ত ফুকন - POWER MINISTER PRASHANT PHUKAN

শক্তি বিভাগৰ ৰাহি হৈছে ৬০০ কোটি টকা । এই বিষয়ে ব্য়াখ্য়া কৰিলে শক্তিমন্ত্ৰীয়ে ।

Prashant Phukans remarks on hike in electricity charges
চিৰাঙৰ ঢালিগাঁৱত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 10:41 PM IST

চিৰাং: বিদ্যুৎ মাচুল বৃদ্ধি হ'ব পাৰে নেকি ? বিগত সময়ত ৰাজ্য়ত বিদ্যুৎ মাচুল বৃদ্ধি প্ৰসংগক লৈ চৰ্চা চলি থকাৰ মাজতেই শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে মাচুল বৃদ্ধিৰ প্ৰাসংগিকতা নাই বুলি মন্তব্য় কৰিলে । বৰং শক্তিমন্ত্ৰীগৰাকীয়ে এতিয়া ধন ৰাহি হোৱা বুলিহে মন্তব্য় কৰিলে । কিন্তু এই বিষয়টোক লৈ সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নৰ উত্তৰত কি ক'লে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে ?

বিদ্যুতৰ পৰা আমাৰ ৰাহি হৈছে :

সোমবাৰে বিয়লি হঠাতে চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মানস অতিথিশালাত উপস্থিত হয় শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন । বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, "বিদ্যুৎ মাচুল বৃদ্ধিৰ আজিৰ তাৰিখত কোনো প্ৰাসংগিকতা নাই । কাৰণ আজি বিদ্যুতৰ পৰা আমাৰ ৰাহি হৈছে ।"

চিৰাঙৰ ঢালিগাঁৱত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন (ETV Bharat Assam)

৬০০ কোটি টকা ৰাহি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "বিভিন্ন প্ৰকাৰে বিদ্যুৎ উৎপাদনৰ বাবে আমি ব্যৱস্থা লৈছো । নামনি কপিলী প্ৰকল্পৰ পৰা ১২০ মেগাৱাট বিদ্যুৎ, সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা লোৱা হৈছে । সেয়ে আজিৰ তাৰিখত বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰাসংগিকতা আছে বুলি মই নাভাবো । "

শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনক সাংবাদিকে পুনৰ প্ৰশ্ন কৰাত কয় যে নিজে এই বিষয়ে জ্ঞাত নহয় । তেওঁ পুনৰ কয়, "আমি মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই গোটেই ব্যৱস্থাৰ তদাৰক কৰি থকা হৈছে । বিদ্যুতৰ বাবে ৰাইজক উৎকৃষ্ট সেৱা দিয়াৰ কাম কৰি আছো । মাচুল বৃদ্ধিৰ বিষয়ে মই মন্ত্ৰী হৈ একো শুনা নাই আৰু নাজানো ।"

লগতে পঢ়ক:গৌৰীসাগৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - Protest against smart meters - PROTEST AGAINST SMART METERS

স্মাৰ্ট মিটাৰে আতিশয্য চলোৱাৰ অভিযোগত সৰুপথাৰত উত্তাল প্ৰতিবাদ - Smart Electricity Meter - SMART ELECTRICITY METER

ABOUT THE AUTHOR

...view details