অসম

assam

ETV Bharat / state

শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ: শিক্ষকৰ অভাৱত বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়ে - LAHOWAL LP SCHOOL POOR CONDITION

এজনীয়া অস্থায়ী শিক্ষকেৰে চলিছে স্বাধীনোত্তৰ কালত প্ৰতিষ্ঠিত লাহোৱালৰ এখন বিদ্যালয় । ১০ নং নাহৰ সাঁকো মাজবাম প্ৰাথমিক বিদ্যালয়ৰ এই অৱস্থাত দুখ প্ৰকাশ ৰাইজৰ ।

Lahowal LP School Poor Condition
লাহোৱালত শিক্ষকৰ অভাৱত বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়ে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 3:21 PM IST

ডিব্ৰুগড় :ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে অভিনৱ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰি আহিছে । শিক্ষাৰ মান উন্নত কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে ইতিমধ্যে ৰঙীন বিজ্ঞাপন দি ৰাজহুৱা কৰিছে । কিন্তু ইয়াৰ মাজতে পোহৰলৈ আহিছে ডিব্ৰুগড়ৰ লাহোৱালত শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ । দেশ স্বাধীন হোৱাৰ সময়তে প্ৰতিষ্ঠা লাভ কৰা এখন চৰকাৰী বিদ্যালয়ৰ বৰ্তমানৰ অৱস্থাই চকু কপালত তুলিছে সকলোৰে ।

১৯৪৭ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ১০ নং নাহৰ সাঁকো মাজবাম প্ৰাথমিক বিদ্যালয়খনে । কিন্তু চৰকাৰৰ অৱহেলা আৰু গুৰুত্বহীনতাৰ বাবে এই ঐতিহাসিক বিদ্যালয়খন বন্ধ হোৱাৰ দিশে গতি কৰিছে । ৭৬ বছৰ গৰকা চৰকাৰী বিদ্যালয়খনত স্থায়ী শিক্ষকৰ অভাৱত প্ৰতিদিনেই ছাত্ৰ-ছাত্ৰীয়ে এৰিছে বিদ্যালয় ।

শিক্ষকৰ অভাৱত বিদ্যালয় এৰিছে ছাত্ৰ-ছাত্ৰীয়ে (ETV Bharat Assam)

উল্লেখ্য যে শিক্ষামন্ত্ৰীয়ে বিভিন্ন সভা-সমিতিত শিক্ষাৰ আমূল পৰিৱৰ্তন হোৱা বুলি ঢাক-ঢোল বজাই থকাৰ সময়ত এজনীয়া শিক্ষকেৰে চলিছে এখন বিদ্যালয় । এখন অতি ভিতৰুৱা গ্ৰামাঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত এতিয়াও নাই স্থায়ী শিক্ষক, আছে মাথোঁ এগৰাকী অস্থায়ী শিক্ষয়িত্ৰী । এতিয়া এইখন বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক স্থায়ী শিক্ষক বিচাৰি কাতৰ অনুৰোধ জনাইছে । আনহাতে, বুধবাৰে অঞ্চলটোৰ ৰাইজে বিদ্যালয় চৌহদত সমবেত হৈ স্থায়ী শিক্ষক নিযুক্তি দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে ।

১৯৪৭ চনতেই প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়ৰ সমস্যাক লৈ দুখ প্ৰকাশ ৰাইজৰ

ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষা খণ্ডৰ অন্তৰ্গত ১০ নং নাহৰ সাঁকো মাজবাম প্ৰাথমিক বিদ্যালয়খন ১৯৪৭ চনতেই প্ৰতিষ্ঠা হৈছিল । পূৰ্বে ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত বিগত ১০ বছৰৰ পৰা শিক্ষকৰ অভাৱ হৈছে । এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগা হৈছে । এই বিষয়ে বিভাগীয় বিষয়াক অৱগত কৰাত আন এগৰাকী শিক্ষকক নিযুক্তি দিয়ে যদিও পুনৰ শিক্ষকগৰাকীক আন বিদ্যালয়লৈ বদলি কৰি লৈ যায় ।

বৰ্তমানে ৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত এগৰাকী অস্থায়ী শিক্ষয়িত্ৰীয়ে পাঠদান কৰিছে যদিও সৃষ্টি হৈছে সমস্যা । ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ'বলগা হৈছে । শিক্ষা বিভাগৰ গুৰুত্বহীনতাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ । সেয়ে বিদ্যালয়খনত অতিৰিক্ত শিক্ষক নিযুক্তি দিবলৈ ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক :আমাৰ পৰিয়াল কেইটা নিঃশেষ হ'বলৈ নিদিব ! অসহায় খেতিয়কৰ আহ্বান কৃষিমন্ত্ৰীক
লগতে পঢ়ক :ওৰে নিশা দীঘলীপুখুৰীৰ পাৰৰ গছক পহৰা দিলে কটনিয়ানে; কোনো কাৰণতেই নিদিয়ে কাটিবলৈ

ABOUT THE AUTHOR

...view details