জোনাই, ২৫ মে':বিজেপি নেতৃত্বাধীন চৰকাৰে বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম সলনি কৰিলেও সলনি হোৱা নাই উন্নয়নৰ প্ৰকৃত ছবিখন । তেনে এক দৃশ্য প্ৰতিফলিত হৈছে ধেমাজি জিলাৰ জোনাইত । জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনৰ নাম সলনি কৰি আয়ুষ্মান আৰোগ্য মন্দিৰ ৰাখিলে ঠিকেই, কিন্তু আজিও অতি শোচনীয়ভাৱে চলি আছে চিকিৎসালয়খন । জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ পয়াঁলগা দৃশ্যই পুনৰবাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাইছে ।
এই চিকিৎসালয়খনত অতি কমেও বিভিন্ন বিভাগৰ ৰোগৰ ৯ গৰাকী চিকিৎসক থাকিব লাগে । কিন্তু আজি দীৰ্ঘদিনৰ পৰা মাত্ৰ চাৰিগৰাকী নিয়মীয়া চিকিৎসকৰ দ্বাৰা পৰিচালিত হৈ আছে চিকিৎসালয়খন । যাৰ ফলত ৰোগীয়ে ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হয় । ফলত জোনাইৰ দৰে অতি পিচপৰা অঞ্চলত চিকিৎসকৰ অভাৱত বিভিন্ন সমস্যাত ভুগি আহিছে বহু ৰোগীয়ে । ইফালে, চিকিৎসকৰ উপৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱতো একেই পৰিস্থিতি সৃষ্টি হৈ আহিছে চিকিৎসালয়খনত । মাথো কেইগৰাকীমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে কোনোমতে চলাব লগীয়া হোৱাত চিকিৎসালয়খনত বহু সমস্যাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে চিকিৎসালয়খনৰ স্বয়ং চিকিৎসকে ।