লখিমপুৰ, ১৬ আগষ্ট :নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ই দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে লখিমপুৰতো বোমা সংস্থাপন কৰা বুলি প্ৰকাশ কৰাৰ পিচতেই চাঞ্চল্য়ৰ সৃষ্টি হয় । লখিমপুৰ নগৰ এলেকাকে ধৰি তিনিটা স্থানত বোমা সংস্থাপন কৰা বুলি আলফা (স্বাধীন)ই দাবী কৰিলেও আৰক্ষীয়ে কিন্তু নিশা দুপৰলৈকে ইয়াৰে দুটাহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে নিশা দুপৰলৈকে লখিমপুৰৰ খেলপথাৰখনত তন্নতন্নকৈ তালাচী চলায় যদিও তৃতীয়টো বোমাৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । আনকি নিশা আৰক্ষীয়ে গধুৰ যন্ত্রৰে বোমা ৰখা বুলি আলফাই উল্লেখ কৰা পৰিত্যক্ত ট্ৰাক আঁতৰাবলৈ চেষ্টা কৰে যদিও সফল হ'ব নোৱাৰিলে ।
গধুৰ যন্ত্র ব্য়ৱহাৰ কৰিও নাপালে সুফল :
আলফাৰ বাৰ্তাটোত উল্লেখ কৰা মতে, লখিমপুৰ জিলাৰ লালুকৰ পৰিদৰ্শন বঙলা, লখিমপুৰ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ কাৰখানাৰ এখন বাছত আৰু লখিমপুৰৰ স্বাধীনতা দিৱস উদযাপনস্থলীৰ চৌহদত থকা এখন এনএইচপিচিৰ পৰিত্যক্ত ট্ৰাকত বোমা সংস্থাপন কৰা হৈছিল । ইয়াৰ পিচতেই বোমাৰ সন্ধানত নিৰাপত্তা বাহিনীসমূহ জঁপিয়াই পৰি দুটাকৈ বোমা উদ্ধাৰ কৰে । তৃতীয়টো বোমা ৰখা লখিমপুৰৰ খেলপথাৰখনত তন্নতন্নকৈ তালাচী কৰি সন্ধিয়া পর্যন্ত বোমা বিচাৰি নোপোৱাত নিশা আৰক্ষীয়ে গধুৰ যন্ত্রৰে বোমা ৰখা বুলি আলফাই উল্লেখ কৰা পৰিত্যক্ত ট্ৰাকখন আঁতৰাৰবলৈ চেষ্টা কৰে ।