অসম

assam

ETV Bharat / state

মন কী বাতত হাতীবন্ধুক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ, ইটিভি ভাৰতক ধন্যবাদ হাতীবন্ধুৰ - HATIBONDHU INITIATIVE OF ASSAM

প্ৰধানমন্ত্ৰী প্ৰশংসা লাভ কৰি আভিভূত প্ৰকৃতিপ্ৰেমী সংগঠন হাতীবন্ধু ৷ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা লাভ কৰি ইটিভি ভাৰতকহে ধন্যবাদ জনালে হাতীবন্ধুৱে । নগাঁৱৰ সাংবাদিক ৰকিবুল ওৱাহিদৰ প্ৰতিবেদন ৷

HATIBONDHU initiative of Assam
মন কী বাতত হাতীবন্ধুক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 11:07 PM IST

নগাঁও: মনত প্ৰকৃতিৰ প্ৰতি অসাধাৰণ প্ৰেম, সমাজ তথা প্ৰকৃতিৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ থকা নগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱকজনেই হ'ল বিনোদ দুলু বৰা । গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক তথা প্ৰকৃতিপ্ৰেমী প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত আজিৰ পৰা আঠ বছৰ পূৰ্বেই আৰম্ভ কৰা হাতীবন্ধু নামৰ সংগঠনটোৱে অৱশেষত সক্ষম হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা লাভ কৰিবলৈ । হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্যেশ্যেই আজিৰ পৰা আঠ বছৰ পূৰ্বেই হাতীবন্ধু নামৰ সংগঠনৰ জন্ম দি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল বিনোদ দুলু বৰাই । নগাঁও কাৰ্বি আংলং জিলাৰ সীমান্তৰ হাতীখুলি ৰহংহাং গাঁৱৰ দুশ বিঘা ভূমিত হাতীৰ বাবেই ধান খেতি কৰিছিল হাতীবন্ধুৱে ।

এটা সময় আছিল নগাঁও-কাৰ্বি আংলং সীমান্তৰ এশৰো অধিক গাঁৱৰ কৃষকে ধান খেতি কৰিও হাতীৰ বাবেই সন্মুখীন হৈছিল বৃহৎ লোকচানৰ । কাৰণ অতি কষ্টৰে কৰা ধান খেতি বনৰীয়টা হাতীয়ে খাই তহিলং কৰিছিল। নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ হাতীৰ সৈতে সংঘাতত লিপ্ত হৈছিল বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । ফলত হাতীৰ লগতে মানুহৰো ক্ষয়-ক্ষতি বৃদ্ধি পাবলৈ ধৰিছিল । তেনে সময়তেই হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰিছিল বিনোদ দুলু বৰাই ।

হাতীবন্ধুক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ (ETV Bharat Assam)

দুলু বৰাৰ মনলৈ কেনেদৰে আহিছিল হাতী মানুহৰ সংঘাত ৰোধৰ পৰিকল্পনা:

হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ চিন্তা চৰ্চা কৰি থাকোতেই এদিন কাজিৰঙালৈ যোৱা অৱস্থাত হাতীৰ মুখৰ পৰা পৰি যোৱা কুঁহিয়াৰ সদৃশ এটা গছ প্ৰত্যক্ষ কৰিছিল বনোদ দুলু বৰাই । হাতীয়ে সেই স্থান এৰাৰ পাছতেই গছজোপা হাতত লৈ গছটো নেপিয়াৰ গছ বুলি চিনাক্ত কৰিছিল দুলু বৰাই । লগতে দুলুৰ মনলৈ আহিছিল পাহাৰীয়া এলেকাত নেপিয়াৰৰ খেতি কৰি হাতীৰ বাবে খাদ্য যোগান ধৰাৰ পৰিকল্পনা । বিষয়টো সন্দৰ্ভত জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ সৈতেও আলোচনা কৰি সহাঁৰি লাভ কৰাৰ পাছতেই প্ৰথমে চাপানলাকে দাঁতিকাষৰীয়া পাহাৰীয়া এলেকাত নেপিয়াৰ খেতি আৰম্ভ কৰিছিল হাতীবন্ধু নামৰ সংগঠনটোৰ উদ্যোগত ।

হাতীৰ বাবে ধান খেতি:

হাতীৰ বাবে কৰা নেপিয়াৰ খেতি বনৰীয়া হাতীয়ে খাদ্য হিচাপে গ্ৰহণ কৰা দেখি অতি উৎসাহী হৈ পৰা দুলু বৰাই একে সময়তেই হাতীৰ বাবে ধান খেতি কৰাৰ পৰিকল্পনা আৰম্ভ কৰিলে । তেনে সময়তেই হাতীৰ উপদ্ৰৱৰ বাবেই ধানৰ খেতি কৰা বাদ দিয়া পাহাৰৰ দাঁতিৰ হাতী খুলি ৰংহাং গাঁৱৰ পৰিত্যক্ত দুশ বিঘা ভূমিত হাতীৰ বাবেই ধান খেতি আৰম্ভ কৰিছিল হাতীবন্ধুৱে । স্থানীয় ৰাইজৰ পৰা লাভ কৰা সহাঁৰিত প্ৰকৃতিপ্ৰেমী তথা জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত ধান খেতি কৰি হাতীৰ বাবে যোগান ধৰিছিল খাদ্যৰ । বিগত আঠবছৰে হাতীখুলি ৰংহাং গাঁৱৰ পাহাৰত টঙী সাজি হাতীয়ে খাদ্য গ্ৰহণ কৰা নিৰিক্ষণো কৰি আহিছিল বিনোদ দুলু বৰাই । বিনোদ দুলু বৰাক দিনে নিশাই সংগ দিছিল দুলু বৰাৰ প্ৰকৃতিপ্ৰেমী পত্নী মেঘনা ময়ুৰ হাজৰিকাই । হাতী বন্ধুৱে কৰা ধান খেতি খাই থাকোতেই বৃগত্তৰ এলেকাটোৰ এশখনৰো অধিক গাঁৱৰ কৃষকে ধান চপাবলৈ সক্ষম হৈছিল । পৰৱৰ্তী সময়ত বিগত আঠ বছৰেই পাহাৰৰ দাঁতিত হাতীৰ বাবে ধান খেতি কৰি সহস্ৰাধিক কৃষকক উপকৃত কৰিছিল হাতীবন্ধুৱে ।

প্ৰধানমন্ত্ৰীৰ প্ৰশংসা:

নিজৰ পকেটৰ ধন খৰচ কৰি বিগত আঠ বছৰে হাতীৰ বাবে ধান খেতি কৰি এতিয়া দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে হাতীবন্ধু । দেওবাৰে অৰ্থাৎ নতুন বছৰৰ ১৯ জানুৱাৰীত মন কী বাত অনুষ্ঠানত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে হাতীবন্ধুৱে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা লাভ কৰি এতিয়া উৎফুল্লিত হৈ পৰিছে হাতীবন্ধুৰ সঞ্চালক প্ৰদীপ কুমাৰ ভূঞাৰ লগতে ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰা, পত্নী মেঘনা ময়ুৰ হাজৰিকা ।

প্ৰধানমন্ত্ৰীৰ প্ৰশংসা লাভ কৰি ইটিভি ভাৰতক কিয় ধন্যবাদ হাতীবন্ধুৰ:

হাতীবন্ধুয়ে হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা নেপিয়াৰ ধান খেতি কৰি সফলতা লাভ কৰাৰ পাছত হাতীবন্ধুক প্ৰশংসা কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । হাতীবন্ধুৰ এই পদক্ষেপক লৈ ইটিভি ভাৰতে আঞ্চলিক ভাষাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন ভাষাত বাতৰি সম্প্ৰচাৰ কৰিছিল । ৰাষ্ট্ৰীয় পৰ্যায়ত হাতীবন্ধুৰ প্ৰশংসনীয় পদক্ষেপৰ বাতৰি প্ৰচাৰ হোৱাৰ পাছত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত প্ৰশংসা কৰে হাতীবন্ধুৰ পদক্ষেপক । হাতীবন্ধুৱে কৰা ধান, নেপিয়াৰ খেতিৰ ক্ষেত্ৰভিত্তিক প্ৰতিবেদন প্ৰস্তুত কৰি ইটিভি ভাৰতে ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ বাবেই প্ৰধানমন্ত্ৰীৰ প্ৰশংসা লাভ কৰিয়েই ইটিভি ভাৰতক ধন্যবাদ জ্ঞাপন কৰে হাতীবন্ধুৰ অন্যতম উদ্যোক্তা বিনোদ দুলু বৰাই ।

হাতীবন্ধুয়ে হাতী-মানুহৰ সংঘাত ৰোধিবলৈ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীৰ প্ৰশংসা লাভ কৰি সমগ্ৰ নগাঁও তথা অসমতে হাতীবন্ধুৱে গৌৰৱান্বিত কৰা বুলি এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা । বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো বিনোদ দুলু বৰাই হাতী-মানুহৰ সংঘাত ৰোধ কৰাই নহয় প্ৰকৃতিপ্ৰেমত ব্ৰতী হৈ আহিছে ।

লগতে পঢ়ক:অসমৰ বিভিন্ন প্ৰান্ততো হাতীৰ খাদ্যৰ খেতি কৰাৰ আহ্বান হাতীবন্ধু বিনোদ দুলু বৰাৰ - Cultivation for wild elephants

ABOUT THE AUTHOR

...view details