অসম

assam

ETV Bharat / state

ভোটযুদ্ধৰ পূৰ্বে চাহ জনগোষ্ঠী-আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে পীযুষ হাজৰীকাৰ বৈঠক - TEA TRIBE ORGANIZATIONS DEMAND

চাহ জনগোষ্ঠীয় তথা আদিবাসীৰ সমস্য়া সমাধানত আগ্ৰহী মুখ্য়মন্ত্ৰী । জনগোষ্ঠীটোৰ সকলো সংগঠনৰ প্ৰতিনিধিৰে মিলিত হ’ব হিমন্ত বিশ্ব শৰ্মা ।

Tea Tribe Organizations Meeting in Janata Bhawan
চাহ জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰে মন্ত্ৰীৰ বৈঠক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 8:24 AM IST

গুৱাহাটী:ৰাজ্য়ৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে দিছপুৰত মন্ত্ৰী পীযুষ হাজৰীকাৰ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই জনতা ভৱনত কেইবাগৰাকী সাংসদ আৰু মন্ত্ৰীৰ উপস্থিতিত আদিবাসী আৰু চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰে জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা আৰু বিষয়ত এক আলোচনাত মিলিত হয় ।

কঠোৰ হ’ব বিধিবহিৰ্ভূতভাৱে প্ৰমাণ পত্ৰ ব্যৱহাৰকাৰীৰ বিৰুদ্ধে :

ৰাজ্যখনৰ চাহ জনগোষ্ঠীয় তথা আদিবাসী লোকসকলে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে লাভ কৰি থকা জাতিগত প্ৰমাণ পত্ৰ একাংশ লোকে নীতিবহিৰ্ভূতভাৱে লাভ কৰা বুলি উত্থাপিত অভিযোগৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সকলোকে নিশ্চয়তা প্ৰদান কৰে । এই ক্ষেত্ৰত বিভাগীয় বিষয়াক মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশনা প্ৰদান কৰে ।

চৰকাৰক প্ৰাক্তন মন্ত্ৰীৰ প্ৰশংসা :

অসম চৰকাৰে চাহ জনগোষ্ঠী তথা আদিবাসী লোকসকলৰ বাবে চিকিৎসা মহাবিদ্যালয়ত বিশেষ আসন সংৰক্ষণ তথা চৰকাৰী চাকৰিত সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যক প্ৰায়ভাগ সংগঠনৰ প্ৰতিনিধিবৰ্গই ধন্যবাদ জ্ঞাপন কৰে । প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা চাহ জনজাতি জাতীয় সন্মিলনীৰ সভাপতি পৃথ্বি মাঝিয়ে এই প্ৰসংগত কয় যে অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰতে চাহ জনগোষ্ঠীয় ভাই-ভনীসকলৰ বাবে চৰকাৰী চাকৰি আৰু চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্য অসম চৰকাৰে সদিচ্ছাৰে কৰিছে । এই ক্ষেত্ৰত কোনো সাংবিধানিক বাধ্যবাধকতা নাছিল ।

নৱেম্বৰৰ তৃতীয় সপ্তাহত মুখ্যমন্ত্ৰীৰে বৈঠক :

মন্ত্ৰীগৰাকীয়ে জনগোষ্ঠীয় প্ৰতিনিধি সকলক কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ সকলো বিষয় অতি আন্তৰিকতাৰে বিবেচনা কৰি আছে । নৱেম্বৰ মাহৰে তৃতীয় অথবা চতুৰ্থ সপ্তাহত তেওঁলোকৰ বিভিন্ন বিষয় আলোচনা তথা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীটোৰ সকলো সংগঠনৰ প্ৰতিনিধিৰে মিলিত হ’ব । লগতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় আয়ুক্ত-সচিবক জাতিগত প্ৰমাণ পত্ৰকে ধৰি বিভাগে কৰি থকা জনগোষ্ঠীটোৰ সৈতে জড়িত কামসমূহ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে ।

আনহাতে, জনগোষ্ঠীটোৰ এই সংগঠনসমূহে যদি কোনো জাতিগত প্ৰমাণ পত্ৰৰ বিৰুদ্ধে অভিযোগ প্ৰদান কৰে সেই অভিযোগৰ ওপৰত ন্যায়ালয়ৰ নিৰ্দেশানুসৰি কম সময়ৰ ভিতৰতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:চাহ জনগোষ্ঠী-গোৰ্খা সম্প্ৰদায় সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ গৌৰৱ গগৈৰ ৫ টা প্ৰশ্ন

ডুমডুমাত গণ সমাবেশ অনুষ্ঠিত কৰিবলৈ কিয় অনুমতি নিদিলে জিলা প্ৰশাসনে ? - Tea tribe union protest

ABOUT THE AUTHOR

...view details