ধুবুৰী,১১ জুলাই:নাৰীদেহ ব্যৱসায়ীৰ বিৰুদ্ধে গৰজি উঠিছে ধুবুৰীৰ ৰাইজ । গৌৰীপুৰত নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাতৰ পিচতেই গৌৰীপুৰ আৰক্ষীৰ জালত পৰিল দেহ ব্যৱসায়ৰ লগত জড়িত মূল মাষ্টাৰমাইণ্ড । দীৰ্ঘদিনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰমৰমীয়াভাৱে চলাইছিল নাৰীদেহ ব্যৱসায় । ইফালে ধুবুৰীৰ পাণবাৰীতো নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে ৰাইজে । গৌৰীপুৰৰ পাণবাৰীত নাৰীদেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰি ৰাইজে আটক কৰে কেইবাজনো দেহ ব্যৱসায়ৰ লগত জড়িত মহিলাসহ পুৰুষক ।
গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰীত জেল হক আৰু ছফিউৰ ৰহমান ওৰফে ছফিৰ ঘৰত তেওঁৰ পত্নীৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা চলি আছিল নাৰীদেহৰ ব্যৱসায় । স্থানীয় ৰাইজে বহুবাৰ বিৰোধ কৰাৰ পিচতো এই অবৈধ ব্যৱসায় চলাই গৈছিল পৰিয়ালটোৱে । অৱশেষত ৰাইজ অতিষ্ঠ হৈ গোপন খবৰৰ ভিত্তিত ছয়-সাতগৰাকী মহিলা আৰু পাঁচজন পুৰুষক আটক কৰিবলৈ সক্ষম হয় । উত্তেজিত ৰাইজে নাৰী দেহ ব্যৱসায় ঘাটিৰ ঘৰ-দুৱাৰ, আচবাব ভাঙি চূৰমাৰ কৰাৰ লগতে বিচনা পত্ৰ আদি জ্বলাই দিয়ে ।
পিচত গৌৰীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । নাৰীদেহ ব্যৱসায় বন্ধ কৰাৰ লগতে জেল হক আৰু ছফিউৰ ৰাহমানক উচিত শাস্তি প্ৰদানৰ দাবী জনাই ৰাইজে । গৌৰীপুৰ আৰক্ষীয়ে নাৰীদেহ ব্যৱসায়ৰ লগত জড়িত ছয়গৰাকী মহিলা আৰু পাচঁজন পুৰুষক আটক কৰি থানালৈ লৈ যায় ।