গুৱাহাটী:পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো ৰাজ্যখনত বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে । ২০২৩ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ ৰাজ্যখনত মুঠ ৬,৬৯৮টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল । ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ ১১,৫৫৮ টা পথ দুর্ঘটনা সংঘটিত হয় । সেই হিচাপত ২০২৩ বৰ্ষৰ তুলনাত ২০২৪ বৰ্ষত পথ দুৰ্ঘটনাৰ হাৰ ৭০ শতাংশৰো অধিক বৃদ্ধি পালে । অৱশ্যে বিগত বৰ্ষৰ তুলনাত এই বছৰ মৃত্যুৰ সংখ্যা হ্রাস পায় । কিন্তু আহতৰ সংখ্যা পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পালে ।
শেহতীয়াকৈ বছৰটোৰ শেষত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংশ্লিষ্ট বিভাগৰ বিষয়াৰে হোৱা পর্যালোচনা বৈঠকত এই তথ্য সদৰী কৰে গৃহ বিভাগে । পর্যালোচনা বৈঠকত সংশ্লিষ্ট বিষয়াসকলে মুখ্যমন্ত্ৰীৰ আগত সদৰী কৰা তথ্য অনুসৰি ৰাজ্যত ৰাস্তা-ঘাটৰ উন্নয়ন হোৱাৰ পাছতো দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে । বিশেষকৈ নতুনকৈ নির্মিত ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংখ্যা বৃদ্ধি পাইছে । বিশেষকৈ পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰা, পূজা আদিৰ সময়ত ৰাজ্যৰ পথ দুৰ্ঘটনা সংখ্যা বৃদ্ধি পোৱা বুলি পর্যালোচনা বৈঠকত উন্মোচিত হয় ।
যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে দুর্ঘটনা প্ৰতিৰোধ কৰিবলৈ আৰক্ষী, পৰিবহণ, আবকাৰী আদি কেইবাটাও বিভাগক কেতবোৰ নির্দেশনা প্রদান কৰিছিল। লক্ষণীয় বিষয় যে নিশা সুৰাপান কৰি বাহন চলোৱা ঘটনা গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱাৰ সমান্তৰাকৈ পথ দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে । পর্যালোচনা বৈঠকখনত গৃহ বিভাগে দাঙি ধৰা তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীত ৮১৯টা পথ দুৰ্ঘটনাত ২২৬ জনৰ মৃত্যু হোৱাৰ লগতে ৯৯৭ জন লোক আহত হৈছিল ।
একেদৰে ফেব্ৰুৱাৰীত ৮২২টা পথ দুৰ্ঘটনাত ২২০ জনৰ মৃত্যু আৰু ১,০৪১ জন আহত হৈছিল। মাৰ্চ মাহত ৯১৪টা পথ দুৰ্ঘটনাত ২১৬ জনৰ মৃত্যু আৰু ১,২১৭ জন আহত হৈছিল । এপ্ৰিল মাহত ৮৪০টা পথ দুৰ্ঘটনাত ২০৫ জনৰ মৃত্যু আৰু ১,১৪৩ জন আহত হৈছিল । মে' মাহত ৮০১টা পথ দুৰ্ঘটনাত ১৮৯ জনৰ মৃত্যু হৈছিল আৰু ১,২৫৮ জন আহত হৈছিল । সেইদৰে জুন মাহত ১,২৩৪ টা পথ দুৰ্ঘটনাত ১৯২ জনৰ মৃত্যু আৰু ১,৭০৪ জন আহত হৈছিল ।
জুলাই মাহত ১,৩১৪ টা পথ দুৰ্ঘটনাত ২১৫ জনৰ মৃত্যু আৰু ১,৭০৭ জন আহত হৈছিল । আগষ্ট মাহত ১,২৭৩ টা পথ দুৰ্ঘটনাত ২৩৯ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ১,৭১৮ জন আহত হৈছিল । ছেপ্টেম্বৰ মাহত ১,২৪৯ টা পথ দুৰ্ঘটনাত ২৪৪ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ১,৭৩১ জন আহত হৈছিল । অক্টোবৰ মাহত ১,২১৫ টা পথ দুৰ্ঘটনাত ৩২২ জনৰ মৃত্যু হৈছিল আৰু আহত হৈছিল ১,৭২৫ জন ।
আনহাতে নৱেম্বৰ মাহত ১,০৪৭ টা পথ দুৰ্ঘটনাত ২৫৩ জনৰ মৃত্যু হৈছিল । বিগত বৰ্ষৰ তুলনাত এই বছৰ এঘাৰ মাহত পথ দুর্ঘটনাৰ লগতে আহতৰ সংখ্যা বৃদ্ধি পালেও কিন্তু মৃত্যুৰ সংখ্যা ১৪.২৮ শতাংশ হ্রাস পায় । ২০২৩ বৰ্ষত ১১ মাহত পথ দুৰ্ঘটনাত ২,৯৪১ জন লোকৰ মৃত্যু হৈছিল যদিও এইবাৰ ১১ মাহত ২,৫২১ জন লোকৰ মৃত্যু হয় । অৱশ্যে জিলা ভিত্তিত পর্যালোচনাত কামৰূপ মহানগৰ জিলাত এই সংখ্যা বৃদ্ধি পাইছে ।