অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

প্ৰচণ্ড গৰমৰ পিছত অহা বতাহজাকেই যেন একাংশৰ বাবে হৈ পৰিল অভিশাপস্বৰূপ - Heavy rain and storm

Heavy rain and storm: প্ৰচণ্ড গৰমৰ পৰা সকাহ দিবলৈ আহিল বতাহ-বৰষুণ । স্বস্তিৰ নিশ্বাস পেলালে ৰাজ্যবাসীয়ে । কিন্তু একাংশৰ বাবে শান্তিৰ বতাহজাক আহিল এক অভিশাপ হৈ । ভাঙি তচনচ হ'ল সপোনৰ ঘৰখন ।

People from different parts of Assam affected by the storm that came on Monday night
শান্তিৰ বতৰা যেন একাংশৰ বাবে হৈ পৰিল অভিশাপস্বৰূপ (ETV Bharat Assam)

টীয়ক/গোলাঘাট/জোনাই,২৪ ছেপ্টেম্বৰ:উৎকট গৰমে দহিছে ৰাজ্যবাসীক । প্ৰখৰ ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ ভেকুলীৰ বিয়াকে আদি কৰি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাজ্যবাসীয়ে অৱলম্বন কৰিছে ন ন কৌশল । এই উৎকট গৰমত প্ৰাণহানি পৰ্যন্ত হ'ল কেইবাজনো ব্যক্তিৰ । লঠঙা হৈ পৰিছিল খেতি পথাৰ, গছ লতা প্ৰকৃতি । কিন্তু অৱশেষত সোমবাৰে নিশা সকলোৰে মনৰ আশা পূৰণ কৰি প্ৰকৃতিৰ বুকুলৈ নামি আহিল বতাহ-বৰষুণ । সকলোৱে ল'লে স্বস্তিৰ নিশ্বাস । কিন্তু এই শান্তিৰ বতৰা যেন একাংশৰ বাবে হৈ পৰিল অভিশাপস্বৰূপ । ধুমুহাত তচনচ হ'ল বহুতৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি ।

ধুমুহাত সৰ্বহাৰা টীয়কৰ এটা পৰিয়াল:

সোমবাৰে নিশা অহা বতাহ-বৰষুণে যেন সকলো শেষ কৰিলে টীয়কৰ লাহিং চাহ বাগিচাৰ এক বৃহৎ অঞ্চলৰ ৰাইজৰ । লাহিং চাহ বাগিচাৰ বিশেষ এটা পৰিয়ালৰ চকুত এতিয়া চকুলো । নিশা অহা প্ৰচণ্ড বতাহ-বৰষুণৰ তাণ্ডৱৰ ফলত চাহ বাগিচাখনৰ বিশ্বনাথ মাহলী নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ ওপৰত বাৰীতে থকা প্ৰকাণ্ড হোলোং গছ উভালি পৰাৰ ফলত ব্যক্তিগৰাকীৰ সপোনৰ ঘৰখন সম্পূৰ্ণৰূপে ধ্বংস হয় ।

শান্তিৰ বতৰা যেন একাংশৰ বাবে হৈ পৰিল অভিশাপস্বৰূপ (ETV Bharat Assam)

ইপিনে ঘৰৰ সদস্য কেইজনৰ লগতে ডাঙৰ ছোৱালীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অনাকাংক্ষিত ঘটনাত । অৱশ্যে পৰিয়ালটোৰ অৱস্থা দেখি ৰাইজে ততাতৈয়াকৈ সকলোকে চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও ডাঙৰ ছোৱালীগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে । এতিয়া গাঁৱৰ তথা বাগিচাৰ সকলো গোট খাই কোনোমতে পৰিয়ালটি থাকিব পৰাকৈ অস্থায়ী এক ব্যৱস্থা কৰাৰ দিহা কৰাৰ লগতে অনতিপলমে চৰকাৰীভাৱে পৰিয়ালটোক সকাহ দিবলৈ আহ্বান জনাইছে । ইয়াৰ উপৰিও উক্ত অঞ্চলত ধুমুহাৰ ফলত আৰু বহুতৰ গছ উভালি বিস্তৰ ক্ষতি সাধন হৈছে বুলি জানিব পৰা গৈছে ।

গোলাঘাটত বাহনৰ ওপৰতে পৰিল প্ৰকাণ্ড গছ:

সোমবাৰে নিশা অহা ধুমুহাৰ ফলত গোলাঘাট নগৰৰ কলেজ তিনিআলিৰ সমীপত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাত কেইবাখনো বিলাসী বাহনৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ উপৰিও মেৰাপানী অঞ্চলৰ বিভিন্ন ঠাইত বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হয় । নিশা অহা এই ধুমুহাৰ ফলত চাৰিখন বিলাসী বাহনৰ লগতে এখন টেংকাৰৰ ক্ষতিসাধন হোৱাৰ লগতে চাওদাং পথাৰ, সাপেখাতি, কাছমাৰী, হাতীয়েখোৱা, উত্তৰনেঘেৰীকে ধৰি প্ৰায় দহখন গাঁৱত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ।

ইয়াৰ উপৰিও গোলাঘাট নগৰত নিজৰ কৰ্তব্য সম্পাদন কৰি ঘৰলৈ গৈ থকা অৱস্থাত এগৰাকী মহিলা আৰক্ষীয়ে পেট্ৰ'ল পাম্পত তেল ভৰাবলৈ যাওঁতে বাহনখনত প্ৰকাণ্ড গছ বাগৰি পৰাত কথমপি ৰক্ষা পৰে বুলি জানিবলৈ দিয়ে মহিলা আৰক্ষীগৰাকীয়ে । আনহাতে আন এজন আৰোহী উক্ত পথেৰে নিজৰ বাহনেৰে গৈ থকা অৱস্থাত সন্মুখত গছৰ ডাল ভাঙি পৰাত ৰৈ যোৱাত সেই সময়তে এজোপা প্ৰকাণ্ড গছ বাগৰি পৰে তেখেতৰ বাহনৰ ওপৰত আৰু কথমপি ৰক্ষা পৰে লোকজন । উক্ত ঘটনাত লোকজনৰ কোনোধৰণৰ ক্ষতি হোৱা নাই যদিও বাহনখনৰ পাছফাল সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰে ।

ইফালে মেৰাপানী অঞ্চলত প্ৰায় দহখন গাঁৱৰ বহুলোকৰে বাসগৃহ বিস্তৰ ক্ষতি হোৱা পৰিলক্ষিত হয় । ঘৰৰ টিনপাত উৰুৱাই নি পেলালেগৈ বহু দূৰত । পথৰ দাঁতিত থকা গছ উভালি পৰি বন্ধ কৰি থৈছে অহা-যোৱা কৰা সাপেখাতি কাছমাৰী হাতীয়েখুৱা চামগুৰী সংযোগী মূল পথ । বিভিন্ন স্থানত কেইবাটাও বিদ্যুতৰ খুঁটা ভাঙি পৰাৰ লগতে তাঁৰ চিঙি পৰি ৰয় অহা-যোৱা কৰা মূল পথত ।

জোনাইত গৃহহীন বহু পৰিয়াল:

জোনাইত সোমবাৰে নিশা প্ৰায় ১২ বজাত হঠাৎ অহা এজাক প্ৰৱল ধুমুহা আৰু বৃষ্টিপাতে বহু অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ বিস্তৰ ক্ষতিসাধন কৰে । এই প্ৰৱল ধুমুহা বৰষুণজাকত বহু অঞ্চলৰ ঘৰ-বাৰী ভাঙি তচনচ কৰাত গৃহহীন হৈছে অৰ্ধ শতাধিক পৰিয়াল । ইয়াৰে জোনাইৰ টাৰি বিজয়পুৰ, মুদৈ, বন্দনা, লাচিত নগৰ, ডেকা পাম, মেচাকি, মিছামৰা, অমৃতপুৰ, ৰাকুট কেমেৰে, বৰং কৃষ্ণপুৰ, ৩নং মুৰ্কংচেলেক, জেলখানা আদি গাঁৱকে ধৰি বহু অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ ভাঙি তচনচ কৰে এই প্ৰৱল ধুমুহা বৰষুণজাকে ।

লগতে পঢ়ক:ৰে’লপথৰ মাজতেই উভালি পৰিল প্ৰকাণ্ড গছ, হুৱা-দুৱা পৰিস্থিতি - Heavy rain and storm

Strom at Lakhimpur : লখিমপুৰত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন

ABOUT THE AUTHOR

...view details