ডিব্ৰুগড়, 13 জুন: বিৰ্তকই যেন লগ নেৰা হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক ! চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত একাংশ দালালে ৰোগীক লৈ দালালী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷
অভিযোগ উত্থাপিত হোৱাৰ পিচতেই আৰক্ষীৰ জালত পৰিছিল কেবাটাও দালাল ৷ এনেবোৰ ঘটনাই অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰে-বাহিৰে চাঞ্চল্যৰ সৃষ্টি কৰা সময়ত পুনৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা ।
লগতে পঢ়ক:বিশেষ চিহ্নযুক্ত ই ৰিক্সাহে প্ৰৱেশ কৰিব পাৰিব অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত
চিকিৎসা মহাবিদ্যালয়খনৰ ছাৰ্জিকেল ৱাৰ্ডৰ ভিতৰতে এজন লোকে চীপ লৈ ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনা পোহৰলৈ আহিছে ৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত চাৰ্জিকেল 4 ৱাৰ্ডত সংঘটিত হয় এই ঘটনা । অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই জানিবলৈ দিয়া অনুসৰি তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বিহাৰী কৰ্মকাৰ নামৰ লোকজনে ছাৰ্জিকেল ফৰ ৱাৰ্ডৰ ফেনত চীপ লৈ আত্মহত্যা কৰে ৷