শিলচৰ,১ জুন:তিনি বছৰীয়া কণমানি শিশু কন্যাৰ কান্দোন সহ্য কৰিব নোৱাৰি শিশুটিৰ গাত গৰম তেল ঢালি জ্বলাই দিলে জন্মদাতা পাষাণ পিতৃ-মাতৃয়ে । ভয়ংকৰ আৰু গাৰ নোম শিয়ৰি উঠা এই ঘটনা সংঘটিত হৈছে শিলচৰ চহৰৰ সোণাই ৰোড ফেক্টৰী লেনত ৷ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পাষাণ পিতৃ ৰাজদ্বীপ দাস আৰু মাতৃ জবা দাসক ৷
ঘটনাৰ বিৱৰণ অনুসৰি, পিতৃ ৰাজদ্বীপ দাস আৰু মাতৃয়ে তেওঁলোকৰ এটা ৩ বছৰীয়া কণমানি শিশুক লগত লৈ দীৰ্ঘদিনৰ পৰা সোনাই ৰোড ফেক্টৰী লেনৰ এটা ভাৰাঘৰত বাস কৰিছিল । শুকুৰবাৰে ভাৰাঘৰত তেওঁলোকৰ কণমানি শিশুটিক অতি নিৰ্মমভাৱে অত্যাচাৰ চলাই পিতৃ-মাতৃয়ে । আনকি পাষাণ দুয়ো পিতৃ-মাতৃয়ে কণমানিজনীৰ গাত গৰম তেল ঢালি দিয়ে ।
ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পাছত যেতিয়া কণমানিজনী অজ্ঞান হৈ পৰে তেতিয়া কণমানি শিশুটিক ঘৰতে এৰি পলায়ন কৰে পাষাণ পিতৃ-মাতৃয়ে । এই ভয়ংকৰ ঘটনাৰ কিছু সময় পাছত প্ৰতিবেশীসকলে ঘটনাৰ উমান পাই শিলচৰ ৰাঙিৰখাৰি আৰক্ষী চকীৰ লগতে খবৰ দিয়ে চাইল্ড হেল্পলাইনক । খবৰ পাই ঘটনাস্থলীত ৰাঙিৰখাৰি আৰক্ষী আৰু চাইল্ড হেল্পলাইনৰ লোকসকল উপস্থিত হৈ কণমানি শিশুটিক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।