মৰাণ, 24 মে’: স্বাস্থ্যখণ্ডলৈ এটি চিন্তনীয় খবৰ আহিছে চৰাইদেউৰ পৰা ৷ জিলাখনত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে এইচ আই ভি এইডছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ড্ৰাগছ আসক্ত লোকৰ সংখ্যা জিলাখনত বাঢ়িবলৈ ধৰাত এয়া এইডছত আক্ৰান্ত হোৱাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে ৷
শেহতীয়াকৈ জিলাখনত এইডছত আক্ৰান্ত 19 গৰাকী লোকক চিনাক্ত কৰিছিল স্বাস্থ্য বিভাগে ৷ এই খবৰে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছে জিলাখনত ৷ এই আতংক অব্যাহত থকাৰ মাজতে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে এগৰাকী এইডছ আক্ৰান্ত ব্যক্তিৰ ৷
লগতে পঢ়ক:HIV ত আক্ৰান্ত যুৱকৰ মৃত্যুৰ পাছতে চৰাইদেউ স্বাস্থ্য বিভাগত হাহাকাৰ - HIV Positive Case
চৰাইদেউৰ সোণাৰিতো বৃদ্ধি পোৱা ড্ৰাগছ আসক্ত তথা নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চৰকাৰ তথা স্থানীয় আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিশেষ সফল হোৱা পৰিলক্ষিত হোৱা নাই । যাৰ ফলত বাঢ়িবলৈ ধৰিছে ড্ৰাগছ আসক্তৰ সংখ্যা ৷
জিলা স্বাস্থ্য বিভাগৰ পৰা প্ৰকাশ কৰা এক সূত্ৰত ড্ৰাগছ আসক্তসকলে চিৰিঞ্জৰ সহায়ত নিজৰ শৰীৰত ড্ৰাগছ সোমোৱাই লোৱাৰ বাবেই এইডছৰ দৰে মাৰাত্মক ৰোগসমূহৰ আৰম্ভণি হ’বলৈ ধৰিছে ৷ তিলতিলকৈ মৃত্যুৰ দিশে ঠেলি দিয়া একাংশ ড্ৰাগছ সেৱনকাৰী যুৱকে এতিয়া নিজৰ লগতে আনৰ বাবেও বিপদ চপাই লোৱাৰ আশংকা ব্যক্ত কৰিছে জিলা স্বাস্থ্য বিভাগে ৷