অসম

assam

ETV Bharat / state

ডিচেম্বৰৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন : ৰণজিৎ কুমাৰ দাস - Assam Panchayat polls - ASSAM PANCHAYAT POLLS

Assam Panchayat Election : ডিচেম্বৰৰ ভিতৰতেই পঞ্চায়ত নিৰ্বাচন আয়োজন কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈকে উন্নয়ন খণ্ডসমূহ পুনৰ গঠন কৰা হ’ব ৷

Assam Panchayat Election
ডিচেম্বৰৰ ভিতৰতেই ৰাজ্যত হ’ব পঞ্চায়ত নিৰ্বাচন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:24 PM IST

তিনিচুকীয়া, 9 আগষ্ট: "পঞ্চায়তৰ পুনৰ গঠন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু এই প্ৰক্ৰিয়া শেষ হ’ব 30 আগষ্টত ৷ 1 ছেপ্টেম্বৰৰ পৰা ব্লক পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷" এই মন্তব্য অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ আজি তিনিচুকীয়াত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী দাসে ৷

তিনিচুকীয়াত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (ETV Bharat Assam)

তিনিচুকীয়াত এক বিশেষ কায্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হোৱাৰ পাচতে সংবাদমাধ্যমৰ তৰফৰ পৰা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰশ্ন কৰাত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ ৷ মন্ত্ৰী দাসে লগতে কয় যে, 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈকে উন্নয়ন খণ্ডসমূহ পুনৰ গঠন কৰা হ’ব ৷

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে লগতে কয় যে, এটা পঞ্চায়ত বা উন্নয়ন খণ্ডৰ অঞ্চল দুটা বিধান সভা সমষ্টিত থাকিব নোৱাৰিব ৷ সকলো এটা সমষ্টিৰ ভিতৰতেই থাকিব লাগিব ৷ 7 ছেপ্টেম্বৰৰ পাচত যেতিয়া খচৰাৰ সংক্ষিপ্ত ৰূপ প্ৰকাশ পাব আৰু তাত যদি জনতাৰ কিবা ওজৰ আপত্তি থাকে তেন্তে সেয়া 17 ছেপ্টেম্বৰৰ ভিতৰত নিষ্পত্তি কৰিব লাগিব বুলি জনায় তেওঁ ৷

লগতে পঢ়ক :পঞ্চায়তৰ কাম সঠিককৈ নকৰাসকলক বদলি কৰা হ’ব : ৰণজিৎ কুমাৰ দাস - Minister Ranjit Kumar Das

ইফালে জনতাৰ ওজৰ আপত্তিক লৈ যদি কিবা সংশোধন কৰিব লগা হয় জিলা আয়ুক্তই কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী দাসে ৷ লগতে তেওঁ কয় যে, 17 ছেপ্টেম্বৰৰ পাচত যেতিয়া খচৰাৰ চূড়ান্ত তালিকা প্ৰকাশ পাব, জিলা আয়ুক্তই চূড়ান্ত তালিকা ৰাজ্যিক নিৰ্বাচন আয়োগক প্ৰদান কৰিব ৷ সেইমৰ্মে ডিচেম্বৰৰ ভিতৰতেই পঞ্চায়ত নিৰ্বাচন আয়োজন কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সাজু : অতুল বৰা - Executive meeting of AGP

ABOUT THE AUTHOR

...view details