অসম

assam

ETV Bharat / state

অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ এক পৰিক্ৰমা: কোনে কি পালে ? - BIKAXOR BARO DIN PROGRAM

'বিকাশৰ ১২ দিন' কাৰ্যসূচীৰে ৰাজ্যজুৰি চমক সৃষ্টি কৰিলে চৰকাৰে । ১১ ডিচেম্বৰত আৰম্ভ হৈছিল এই কাৰ্যসূচী । আমাৰ এক বিশেষ প্ৰতিবেদন ।

Outline of 12 days of development of Government of Assam
অসম চৰকাৰৰ বিকাশৰ ১২ দিনৰ এক পৰিক্ৰমা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 25, 2024, 9:41 PM IST

গুৱাহাটী:বছৰটোৰ শেষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 'বিকাশৰ ১২ দিন' কাৰ্যসূচীৰে ৰাজ্যজুৰি চমক সৃষ্টি কৰিলে । ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা অসম চৰকাৰৰ বিকাশৰ ১২ দিনীয়া বিয়াগোম কাৰ্যসূচীৰ ইতিমধ্যে অন্ত পৰিল । গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰা বিকাশৰ ১২ দিনীয়া কাৰ্যসূচীৰ ডিব্ৰুগড়ত মুখ্যমন্ত্রীয়ে নিজেই সামৰণি মাৰিলে । বিগত ১২ দিনত মুখ্যমন্ত্রীৰ লগতে মন্ত্রীসকলে ৰাজ্যৰ বিভিন্ন জিলাত বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰিলে ।

২৩ ডিচেম্বৰত বিকাশৰ ১২ দিন কাৰ্যসূচীৰ সামৰণি মাৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয়,"'বিকাশৰ ১২ দিন' শীৰ্ষক কাৰ্যসূচীৰ আজি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে যৱনিকা পৰে । এই অনুষ্ঠানৰ জৰিয়তে আমি হাজাৰ হাজাৰ লোকক অনুদান আৰু উদগনি বিতৰণৰ প্ৰয়াস কৰিছিলোঁ । এই প্ৰচেষ্টাই জনসাধাৰণৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰাৰ উপৰি আমি অসমৰ জনতা জনাৰ্দনক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হৈছো ।"

কি আছিল বিকাশৰ ১২ দিনীয়া কাৰ্যসূচী (ETV Bharat Assam)

কি আছিল বিকাশৰ ১২ দিনীয়া কাৰ্যসূচী:

দৈনন্দিন অসম চৰকাৰে কৰি অহা কামৰ বিপৰীতে কিবা নতুনত্ব আছিল নেকি বিকাশৰ ১২ দিনৰ এই বিশেষ কাৰ্যসূচীত । আমাৰ এক বিশেষ প্ৰতিবেদন ।

লক্ষ্য কেৱল হিতাধিকাৰী:

ক্ষমতালৈ অহাৰ পাছৰে পৰা কেৱল হিতাধিকাৰী সৃষ্টিত বিশেষ গুৰুত্ব দিয়া চৰকাৰখনে বিকাশৰ ১২ দিনীয়া কাৰ্যসূচীতো লক্ষ্য আছিল কেৱল হিতাধিকাৰী । ইয়াৰ বাবে ৰাজ্যজুৰি বিশাল সভাৰ আয়োজন কৰা হ’ল আৰু এই আয়োজনৰ নামত ব্যয় কৰা হ'ল কোটি কোটি টকা ।

বিকাশৰ ১২ দিনত ৰাজ্যৰ ৩২ লাখ হিতাধিকাৰী উপকৃত (ETV Bharat Assam)

অনুদান আৰু উদগনিৰ বাৰ দিন:

লক্ষণীয় বিষয় যে বিকাশৰ ১২ দিনত চৰকাৰখনে ৰাজ্যত অনুদান আৰু উদগনি বিতৰণ কৰিলে । এই কথা মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমত দিয়া পোষ্টে স্পষ্ট কৰিছে । অৱশ্যে ১২ দিনৰ কাৰ্যসূচীসমূহেও সেই কথাই প্ৰতিফলিত কৰিছে । শিক্ষাৰ্থীৰ পৰা বয়োজ্যেষ্ঠজনলৈকে বিভিন্ন স্তৰৰ লোকৰ মাজত হিতাধিকাৰীৰূপে অনুদান দিয়াহে পৰিলক্ষিত হ'ল বিকাশৰ ১২ দিনত । এই সময়ছোৱাত কোনো আন্তঃগাঁথনি উন্নয়নমূলক কাম হাতত লোৱা পৰিলক্ষিত নহ'ল ।

অনুদান আৰু উদগনিৰ বাৰ দিন (ETV Bharat Assam)

আনহাতে কোনোধৰণৰ উৎপাদনশীল আঁচনি হাতত লোৱাও পৰিলক্ষিত নহ'ল । কেৱল হিতাধিকাৰীমূলক আঁচনিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে বিকাশৰ ১২ দিন কাৰ্যসূচী পালন কৰিলে ।

বিকাশৰ ১২ দিনত ৰাজ্যৰ ৩২ লাখ হিতাধিকাৰী উপকৃত:

লক্ষ্যণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিকাশৰ ১২ দিনত ৩২ লাখ হিতাধিকাৰী উপকৃত হোৱা বুলি নিজেই সদৰী কৰিছে । এই ৩২ লাখ লোকে বিভিন্ন আঁচনিৰ অধীনত সুবিধা লাভ কৰিছে । বিকাশৰ ১২ দিনত ২০ লাখ নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হৈছে । সেইদৰে ৬ লাখ বানপীড়িতক সাহাৰ্য প্ৰদান কৰা হৈছে এই কেইদিনত । আনহাতে মেধাৱী শিক্ষাৰ্থীক স্কুটী, চাইকেল আৰু অন্যান্য সাহাৰ্য প্ৰদান কৰা হৈছে ।

লক্ষ্য কেৱল হিতাধিকাৰী (ETV Bharat Assam)

নাৰী শক্তিলৈ বিত্তীয় সকাহ:

বিকাশৰ ১২ দিনত অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ যোগেদি ৭৮ হাজাৰৰো অধিক ঋণধাৰকে তেওঁলোকৰ ঋণযোগ্যতা আৰু বিত্তীয় স্থিৰতা পুনৰুদ্ধাৰ কৰিবলৈ ২২৩ কোটি টকাৰ সাহাৰ্য পেকেজ আগবঢ়োৱা হ'ল ।

শিক্ষাগত উৎকর্ষক সন্মান:

বিকাশৰ ১২ দিনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২৬,৯৬৯ গৰাকী সফল শিক্ষাৰ্থীলৈ নগদ পুৰস্কাৰ আগবঢ়োৱা হয় । সেইদৰে নৱম শ্ৰেণীত অধ্যয়নৰত ৩,২৩,৬৪০ শিক্ষার্থীক চাইকেল প্ৰদান কৰা হয় । আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষা উৰ্ত্তীণ শিক্ষার্থীৰ মাজত ৪৮,৬৭৩ খন স্কুটী প্ৰদান কৰা হয় । উল্লেখ্য যে মেধাৱী শিক্ষাৰ্থীক উদগনি জনোৱাৰ ব্যৱস্থা নতুন কথা নহয় । কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা এনে আঁচনি ৰাজ্যত চলি আছে ।

অৱশ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নতুনকৈ নতুন ৰূপত শিক্ষাৰ্থীৰ বাবে আঁচনি আনিছে । সেয়াও হিতাধিকাৰী আঁচনি । শিক্ষাৰ্থীকো হিতাধিকাৰী কৰা হৈছে । নিযুত মইনা আঁচনিৰ যোগেদি প্ৰায় ১০ লাখ ছাত্ৰীক উচ্চশিক্ষা গ্ৰহণৰ বাবে প্ৰতি মাহে এহাজাৰ টকাৰ পৰা ২৫০০ টকালৈ বেংক একাউণ্টযোগে ডি বি টিৰ জৰিয়তে প্ৰদান কৰি অহা হৈছে । বিকাশৰ ১২ দিনীয়া কাৰ্যসূচীত ইয়াকো সামৰি লোৱা হৈছে ।

দুর্যোগ প্রভাৱিতসকললৈ সাহাৰ্য:

দুর্যোগত ক্ষতিগ্রস্ত ৬,৮৬,৪৮৭টা পৰিয়াললৈ মুঠ ৩৫৩.৩৭ কোটি টকাৰ পোনপটীয়া সাহাৰ্য প্ৰদান কৰা হয় বিকাশৰ ১২ দিনত ।

ঔদ্যোগিক বিকাশক উৎসাহিতকৰণ:

খাদ্য সংসাধন গোটসমূহক সমৰ্থন কৰিবলৈ ৬,৪৯০ গৰাকী আত্মসহায়ক গোটৰ সদস্যাক ২১.৯০ কোটি টকা বিতৰণ কৰা হয় ।

অসম চৰকাৰৰ বিয়াগোম অৰুণোদয় আঁচনি:

অৰুণোদয় আঁচনিখনক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন বিশেষভাৱে তৎপৰ । এই আঁচনিখনৰ যোগেদি প্ৰত্যক বছৰেই নতুন ৰূপত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিত গুৰুত্ব দি আহিছে চৰকাৰখনে । আনহাতে আঁচনিৰ অধীনত দিয়া ধনৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি কৰি অহা হৈছে । বৰ্তমান এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে মাহে ১২৫০ টকাকৈ লাভ কৰে । অসম চৰকাৰে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে ৪৩ লাখৰো অধিক হিতাধিকাৰীৰ বাবে ৪০০ কোটি টকাৰো অধিক ব্যয় কৰে ।

ৰেচন কাৰ্ডৰ নামত হিতাধিকাৰী:

ৰাজ্যত সৌসিদিনালৈকে ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছিল ২,৪৭,৮৭,৪৭৩ । এতিয়া ইয়াৰ সৈতে ২০ লাখ নতুনকৈ অতিৰিক্তভাৱে যোগ হৈছে । ইয়াৰ অৰ্থ হৈছে যে অসমৰ প্ৰায় ৭৫ শতাংশ লোকেই ৰেচনৰ চাউল লাভ কৰা হিতাধিকাৰীলৈ পৰিণত হৈছে ।

অনুদান প্ৰদানৰ নামত চমক সৃষ্টিৰ সভা:

লক্ষ্যণীয় বিষয় যে অনুদান নাইবা সাহাৰ্য প্ৰদান কৰাৰ বিষয়টো নতুন বিষয় নহয়, যিদৰে বানপানীত ক্ষতিগ্ৰস্ত হোৱাসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা পূৰ্বৰে পৰা আছে । তাৰ পাছত নতুনকৈ সভা অনুষ্ঠিত কৰি সাহাৰ্য বিতৰণ কৰা হৈছে । এককথাত বিৰোধীয়ে কোৱাৰ দৰে এয়া চৰকাৰখনৰ ভোটৰ স্বাৰ্থত ৰাজনৈতিক প্ৰচাৰ ।

এই সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ প্ৰতিক্ৰিয়াত কয়,"চৰকাৰী আঁচনি কাৰ্যকৰী কৰাটো চৰকাৰৰ দায়িত্ব । আঁচনি এখন ঘোষণা কৰাৰ সময়তো বিশাল সভা আৰু এই আঁচনি বিতৰণ কৰাৰ নামতো বাৰে বাৰে বিশাল সভা আয়োজনৰ প্ৰয়োজনীয় কি আছে ? এই প্ৰৱণতাৰ আঁৰত চৰকাৰৰ জনকল্যাণৰ বিপৰীতে আছে দলীয় স্বাৰ্থহে । প্ৰচলিত আঁচনিকেইখনকে লৈ এইদৰে জিলাই জিলাই জয়ঢোল বজাই বিতৰণ কৰাৰ আঁৰত হয়তো চৰকাৰখনৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ অংক আছে ।"

হিতাধিকাৰী আৰু ঋণৰ বোজা:

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ঋণৰ পৰিমাণে ডেৰ লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিলে । চলিত মাহতে দুবাৰকৈ ৯০০ কোটি টকাকৈ ঋণ ল'লে অসম চৰকাৰে । বিগত তিনি বছৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে অভিলেখ পৰিমাণৰ ৬১,১৯১ কোটি টকাৰ ঋণ লৈছে । এই ঋণৰ পৰিমাণ এতিয়া আৰু বৃদ্ধি হৈছে ।

লক্ষণীয় বিষয় যে ঋণৰ সিংহভাগেই ব্যয় হৈছে হিতাধিকাৰী আঁচনিৰ নামত । ইফালে অহা মাৰ্চ মাহলৈকে ৫ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য অসম চৰকাৰৰ । লক্ষণীয় বিষয় যে বিকাশৰ ১২ দিনৰ নামত চৰকাৰখনৰ হিতাধিকাৰীক সন্তুষ্ট কৰা যেনহে পৰিলক্ষিত হ'ল । যি সময়ত মূল্যবৃদ্ধিৰ কৱলত পৰি ৰাজ্যৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে সেই সময়ত চৰকাৰখনে ঋণ-ধাৰ কৰি হিতাধিকাৰীক সন্তুষ্ট কৰাত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক:কংগ্ৰেছক নিকৃষ্ট-নিৰ্লজ্জ দল আখ্যা মুখ্যমন্ত্ৰীৰ - AMBEDKAR REMARKS

শাসনত থকা দলটোৱে নিজৰ প্ৰতীকেৰে নিৰ্বাচন খেলিবলৈ ভয় কৰিছে কিয় ? ৰকিবুল হুছেইনৰ প্ৰশ্ন - RAKIBUL HUSSAIN CHALLENGED CM

ABOUT THE AUTHOR

...view details