হাফলং,৭ মে':অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ হাফলং চহৰত দুই নাবালিকাক অসৎ উদ্দেশ্যেৰে অপহৰণৰ চেষ্টা চলোৱা দুৰ্বৃত্তৰ কঠোৰ শাস্তিৰ দাবীত সৰৱ উঠিছে বিভিন্ন দল-সংগঠন । যোৱা ৪ মে'ত হাফলং চহৰৰ বেংক অফ ইণ্ডিয়াৰ কাষৰ পৰা ফিৰাজ উদ্দিন মজুমদাৰৰ নেতৃত্বত এটা দুৰ্বৃত্তৰ দলে নিশা ৮:৩০ মান বজাত দুগৰাকী নাবালিকাক জোৰ কৰি দুৰবৃত্তৰ দলটোৰ বাহনত উঠাই অসৎ উদ্দেশ্যে অপহৰণ কৰাৰ চেষ্টা চলাইছিল ।
সেই সময়তে কেইজনমান যুৱকে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি তেওঁলোকক বাধা দিয়াৰ চেষ্টা কৰিছিল । তাৰ পিছতে ফিৰাজ উদ্দিন মজুমদাৰৰ দুৰ্বৃত্তৰ দলটোৰ লগত হোৱা হতাহতিত আহত হয় কেইবাজনো যুৱক । ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্বৃত্ত ফিৰাজ উদ্দিনক । উক্ত ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰে ডিমা হাছাও জিলাৰ বিভিন্ন দল-সংগঠন ।
দল-সংংগঠনসমূহে উক্ত ঘটনাক তীব্র গৰিহণা দি ফিৰাজ উদ্দিন মজুমদাৰ নেতৃত্বাধীন দুৰ্বৃত্ত দলটোৰ সদস্যসকলৰ বিৰুদ্ধে আইন অনুসৰী কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । এই জঘন্য ঘটনাৰ তীব্ৰ গৰিহণা দি ডিমাছা মাদাৰ্চ এছ'চিয়েশ্যনে আটাইকেইটা দুৰ্বৃত্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় । সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সদস্যাসকলে কয় যে এই দুই নাবালিকাই ৪ মে'ত চিকিৎসালয়ত ভাতৃক খাদ্য যোগান ধৰি উভতি অহাৰ সময়তে তেওঁলোক অনুসৰণ কৰি আহি ফিৰাজ উদ্দিন মজুমদাৰ নেতৃত্বাধীন দুৰ্বৃত্তৰ দলটোৱে নাবালিকা দুগৰাকীক অপহৰণৰ চেষ্টা চলায় ।
ইপিনে মঙলবাৰে এই ঘটনা সন্দৰ্ভত ডিমাছা জনগোষ্ঠীৰ জাতীয় সংগঠন জাদিখে নাইশ হচমৰ লগতে মুছলিম সমাজৰ এখন বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত যোৱা ৪ মে' ৰ ঘটনা সন্দৰ্ভত জাদিখে নাইশ হচম আৰু মুছলিম সমাজে এই ঘটনাৰ তীব্ৰ গৰিহণা দি ফিৰাজ উদ্দিন মজুমদাৰ আৰু তেওঁৰ সহযোগীসকলক আইন অনুসৰী কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় ।