গুৱাহাটী,৫ অক্টোবৰ :সলনি হ'ল বিৰোধী ঐক্য মঞ্চৰ নাম । এতিয়াৰে পৰা 'অসম সন্মিলিত মৰ্চা' নামেৰে জনা যাব বিৰোধী ঐক্য মঞ্চক । শনিবাৰে এই কথা সদৰী কৰে মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হৈ গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ । বিৰোধী ঐক্য মঞ্চত বৰ্তমান ১৬ টাকৈ ৰাজনৈতিক দল আছে । অৱশেষত বিৰোধী ঐক্য মঞ্চৰ নতুন নামকৰণ হ'ল । এতিয়াৰে পৰা বিৰোধী ঐক্য মঞ্চৰ নতুন নাম হৈছে 'অসম সন্মিলিত মৰ্চা' চমুকৈ অসম ।
বিৰোধী ঐক্য মঞ্চৰ নতুন নামকৰণ
এই কথা সদৰী কৰি সংবাদ মাধ্যমৰ সন্মুখত লুৰীণজ্যোতি গগৈয়ে কয়,"২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমি সকলো বিৰোধী ৰাজনৈতিক দল একত্রিত হৈছিলো আৰু বিৰোধী ঐক্য মঞ্চ, অসম গঠন কৰিছিলো । ১১ টাৰ পৰা ১৬ টালৈকে ৰাজনৈতিক শক্তি বৃদ্ধি হৈছে । এতিয়া আমি এটা কথা জানো যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত হোৱাটো এশ শতাংশ নিশ্চিত । আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল দেখিছো । শেহতীয়াকৈ অসমৰ চাৰিওফালে মুখ্যমন্ত্রীৰ কাম-কাজ আমি দেখিছো । তেওঁৰ অক্ষমতা প্ৰকাশ পাইছে । বিভিন্ন বিভাগত জমা হৈ থকা পুঁজি ৰাজকোষত জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অক্ষমতা, অকৰ্মণ্যতা দিনক দিনে প্ৰতিফলিত হৈছে ।"
লক্ষ্য বিজেপিক পৰাজিত কৰা