গুৱাহাটী, ৭ মাৰ্চ :দুদিনীয়া অসম ভ্ৰমণৰ সময়ত কা বলৱৎ সম্পৰ্কে বিৰোধীৰ ওজৰ আপত্তিসমূহ শুনিবলৈ সময় নহ’লে প্ৰতিবাদৰ সন্মুখীন হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বিৰোধী ঐক্য মঞ্চই ইতিপূৰ্বে কা বলৱৎ সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেওঁৰ সাক্ষাতৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছিল যোৱা ৩ মাৰ্চ তাৰিখে ৷ কিন্তু এই পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাতৰ অনুমতি লাভ কৰা নাই বিৰোধী ঐক্য মঞ্চই ৷ গতিকে এইবাৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কালছোৱাত অৱস্থান ধৰ্মঘটত বহাৰ সিদ্ধান্ত বিৰোধীৰ ৷
সকলোৰে জ্ঞাত যে, অহা ৮ মাৰ্চত অসমলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কালছোৱাতে ৯ মাৰ্চৰ দিনা নগাঁও জিলাৰ কলিয়াবৰত অসমৰ কংগ্ৰেছ নেতৃত্বাধীন ১৬ টা বিৰোধী দলে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু CAA কাৰ্যকৰীকৰণৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘটত বহিব ৷ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷
“আমি CAA বলৱৎ হ’লে অসমত ঘটিব পৰা সংকটৰ বিষয়ে জনাবলৈ প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছিলো ৷ কিন্তু এতিয়াও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আমি সঁহাৰি লাভ কৰা নাই ৷’’ এই মন্তব্য বিৰোধী ঐক্যমঞ্চ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।
লগতে বৰাই কয়, ‘‘আমি ৯ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া কাজিৰঙাৰ ওচৰৰ কলিয়াবৰত অৱস্থান ধৰ্মঘটত বহিম ৷ শেষ মুহূৰ্ততো যদি প্ৰধানমন্ত্ৰীয়ে আমাক মাতিলে আমি তাৎক্ষণিকভাৱে যাব পাৰো ৷ যদি নামাতে আমি কলিয়াবৰত অৱস্থান ধৰ্মঘট পালন কৰি প্ৰধানমন্ত্ৰীক জনাই দিম আমি কিয় CAA বিৰোধিতা কৰো’’ ।