গুৱাহাটী : পাণবজাৰৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ বাইক চালকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পিচতে ৰাজ্যত পুনৰ সজীৱ হৈছে আৰক্ষী দায়বদ্ধতা আয়োগৰ প্ৰসংগ । কিয়নো কোনো সাধাৰণ ৰাইজে আৰক্ষীৰ দ্বাৰা অনাহকতে অত্যাচাৰৰ বলি হ'লে এই আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰত গোচৰ ৰুজু কৰিব পাৰে ।
বিতৰ্কিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ ফাঁচীবজাৰত এগৰাকী ডেলিভাৰী বয়ৰ ওপৰত চলোৱা নিৰ্মম আক্ৰমণৰ ঘটনাৰ পিচত ইতিমধ্যে তেওঁক নিলম্বন কৰাৰ লগতে পাঁচটাকৈ গোচৰ ৰুজু কৰা হৈছে । এইবাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধতা আয়োগৰ কাষ চাপিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।
এই সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয়, "অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু পুলিচ দায়বদ্ধতা কমিছন দুয়োটা সংস্থাই স্বতন্ত্ৰভাৱে কাম কৰিব লাগে বিভিন্ন ধৰণৰ ৰাইজৰ অভিযোগ থাকিলে । দুয়োটাকে দুটা গোচৰ দিছোঁ । অসম আৰক্ষীৰ এজন ইন্সপেক্টৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে গোচৰ দিছোঁ । যিহেতু তেখেতৰ বিৰুদ্ধে এতিয়া বহুতো অভিযোগ আহিছে যে তেখেতে গোৱালপাৰাত থাকোতে বা দীঘলীপুখুৰীত যেতিয়া গছকটাৰ বিৰুদ্ধে কটন কলেজৰ ছাত্ৰসকলে প্ৰতিবাদ কৰি আছিল আৰু সৌ সিদিনা জ্ঞানদীপ হাজৰিকা নামৰ এজন ছাত্ৰক অতি অশালীন ব্যৱহাৰ কৰিছে । আমি বাৰেপ্ৰতি কৈ আছোঁ যে অসমত পুলিচে আইন হাতত তুলি লৈছে । আইন হাতত ল'ব পুলিচে নালাগে । কাৰণ ইয়াৰ বাবে ন্য়ায় প্ৰক্ৰিয়া আছে, ন্যায়ালয়ত ব্যৱস্থা গ্ৰহণ কৰা হয় ।"
আনহাতে, বিতৰ্কিত আৰক্ষী বিষয়াজনৰ বৰ্খাস্তৰ দাবী তুলি বিৰোধী দলপতিগৰাকীয়ে লগতে কয়, "তেখেতক তৎকালীভাৱে বৰ্খাস্ত কৰি তেখেতৰ ওপৰত এটা দৃষ্টান্তমূলক শাস্তিৰ নিদৰ্শন দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ । যাতে এই ঘটনাৰ পিচত আৰক্ষী কিছু সচেতন হয় ।"
আৰক্ষী দায়বদ্ধতা আয়োগত বৃদ্ধি পাইছে গোচৰৰ সংখ্যা
ৰাজ্যত আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ক্ৰমাৎ বৃদ্ধি পাইছে । কৰ্তব্যৰত আৰক্ষী কনিষ্টবল, আৰক্ষীৰ শীর্ষ বিষয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰাৰ বাবে থকা ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগত বৃদ্ধি পাইছে গোচৰৰ সংখ্যা । দায়বদ্ধতা আয়োগত আৰক্ষীৰ বিৰুদ্ধে গোচৰৰ সংখ্যা ২০১৭ চনৰ পিছৰে পৰা ক্ৰমাৎ দ্ৰুত হাৰত বৃদ্ধি পাইছে ।
উল্লেখ্য যে ২০০৮ চনৰ জানুৱাৰী মাহত ৰাজ্যত আৰক্ষী দায়বদ্ধতা আয়োগ গঠন কৰা হৈছিল । এই আয়োগত যিকোনো লোকে কৰ্তব্যৰত আৰক্ষীৰ দুৰ্ব্যৱহাৰ, হাৰাশাস্তি, অত্যাচাৰ, অমানৱীয় আচৰণ আদিৰ বিৰুদ্ধে অভিযোগ দিব পাৰে । এই আয়োগ আৰক্ষী বিভাগৰ অধীনস্থ নহয় । স্বতন্ত্রভাৱে আয়োগে কাম কৰাৰ ক্ষমতা লাভ কৰিছে । কিন্তু শেহতীয়াকৈ এই আয়োগৰ স্বতন্ত্রতা লোপ পাইছে ।
ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ তথ্য মতে, ২০০৮ চনত আৰক্ষীৰ বিৰুদ্ধে ৬৭ টা গোচৰ ৰুজু হৈছিল । ঠিক সেইদৰে ২০০৯ চনত ২৬ টা, ২০১০ চনত ৫২ টা, ২০১১ চনত ৬৬ টা, ২০১২ চনত ৭৯ টা, ২০১৩ চনত ৯৩ টা, ২০১৪ চনত ৭৮ টা, ২০১৫ চনত ৫৬ টা, ২০১৬ চনত ৩৫ টা, ২০১৭ চনত ১৬০ টা, ২০১৮ চনত ৪২৪ টা, ২০১৯ চনত ৩৮৬ টা, ২০২০ চনত ২৩০ টা, ২০২১ চনত ২৪৩ টা, ২০২২ চনত ২৩২ টা আৰু ২০২৩ চনত ১৯২ টা গোচৰ ৰুজু হৈছে ।
কেনেদৰে অভিযোগ দিব পাৰি