জনিয়া, ৭ আগষ্ট: ৰাজ্য়ত অব্য়াহত সৌৰশক্তি প্ৰকল্পৰ ছোলাৰ ছেটৰ চোৰাং বেহা । ৰাজ্য়খনৰ বিভিন্ন ঠাইত দুষ্টচক্ৰই এই সৌৰশক্তি প্ৰকল্পৰ ছোলাৰ ছেট চুৰি কৰি গোপনে বিক্ৰী কৰি আহিছে । বিশেষকৈ ভিতৰুৱা অঞ্চলৰ পৰা এই শক্তি প্ৰকল্পৰ ছোলাৰ ছেটসমূহ সঘনাই চুৰি হৈ থকাৰ বাতৰি প্ৰকাশ পাই আহিছে ।
আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও ইয়াৰ মাজতেই চুৰি চক্ৰটোৱে চলাই আছে এনে কাৰ্য । ইয়াৰ মাজতেই বৰপেটা জিলাৰ কলগাছিয়াত আৰক্ষীৰ জালত পৰিল এই চুৰি কাৰ্যৰ সৈতে জড়িত এটা গভাইত চোৰ । আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছে ১২ টাকৈ ছোলাৰ । জিলাখনৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম মইনবড়ীত আৰক্ষীয়ে জব্দ কৰে চোৰাং ছোলাৰ । পশ্চিম মইনবড়ীৰ নুৰুল অমিনৰ ঘৰত মজুত আছিল সৌৰশক্তি প্ৰকল্পৰ ছোলাৰসমূহ ।
জানিব পৰা মতে, মঙলবাৰে নিশাৰ ভাগত হঠাৎ বৰপেটা আৰু সৰভোগ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি পশ্চিম মইনবড়ীৰ নুৰুল আমিনৰ ঘৰত অভিযান চলায় । উক্ত অভিযানত ১২ টাকৈ ছোলাৰৰ পেনেলৰ উপৰি কেইবাটাও বেটাৰী জব্দ কৰে । আৰক্ষীয়ে লগতে আটক কৰে নুৰুল আমিনক ।