উল্লেখ্য যে, ধিঙত অবাধ গতিত বৃদ্ধি পাইছে বন গাহৰিৰ সংখ্যা । ইপিনে গাহৰিৰ সমান্তৰালকৈ এক বিশেষ পোকৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হ'ব লগাত পৰিছে বহুকেইজন লোক । পোকে কামোৰাৰ পাছতে অসহ্য বিষ আৰু জ্বৰত আক্ৰান্ত হৈছে কেইবাজনো লোক । সকলো বৰ্তমান ধিং এফ আৰ ইউত চিকিৎসাধীন অৱস্থাত । পোকটোৱে বহু দ্ৰুত গতিত উৰি আহি মানুহৰ গাত কামুৰি সোমাই পৰে ।
কিছুমানে কয় চিকৰাৰ দৰে পোকটোৱে কোনো শব্দ নকৰে । যোৱা দুই দিন ধৰি এই বিশেষ পোকটোৱে আক্ৰমণ কৰাত মানুহৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । পোকটোৰ পৰা পৰিত্ৰাণ পাবলৈ কেনে কৌশল অৱলম্বন কৰিব লাগিব তাকে লৈ সকলোৱে চিন্তিত হৈ পৰিছে ।