অসম

assam

থলুৱা মৃৎশিল্পীৰ মুখত নাই উৎসাহ ! সমাদৰ কমিছে কেঁচা মাটিৰ মূৰ্তিৰ - Vishwakarma Puja 2024

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 11:11 AM IST

Vishwakarma Puja preparation: মঙলবাৰে বিশ্বকৰ্মা পূজা ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, কাৰ্যালয় আদিত অতি আড়ম্বপূৰ্ণভাৱে আয়োজন কৰা হ’ব বিশ্বকৰ্মা পূজা ৷ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে ৷ ইয়াৰে সমান্তৰালকৈ বিশ্বখনিকৰৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে থলুৱা মৃৎশিল্পীসকল ৷ কিন্তু পূৰ্বৰ দৰে মৃৎশিল্পীসকলৰ মাজত নাই উৎসাহৰ ৰং ৷ কিয়নো বজাৰত প্ৰয়োভৰ হৈছে বহিঃৰাজ্যৰ প্লাষ্টিকৰ সামগ্ৰীৰ ৷

Vishwakarma Puja 2024
কাইলৈ বিশ্বকৰ্মা পূজা (ETV Bharat Assam)

বৰপেটাৰোড, 15 ছেপ্টেম্বৰ : এতিয়া উৎসৱৰ বতৰ ৷ ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ ৷ কোনো যদি বোকা মাটি লেপাত ব্যস্ত হৈছে, আন কোনোৱে আকৌ মূৰ্তিৰ সজ্জা নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৷ কাৰো যেন মূৰ তুলিবলৈ আহৰি নাই ৷ গণেশ পূজা শেষ হোৱাৰ পাচতে এইবাৰ ৰাজ্য তথা দেশবাসীয়ে উদযাপন কৰিবলৈ লৈছে বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা ৷

বিশ্বকৰ্মা পূজা (ETV Bharat Assam)

কিন্তু পূৰ্বৰ দৰে নাই পূজাৰ আনন্দ-উল্লাস ৷ থলুৱা মৃৎশিল্পীলেও মাত্ৰ পেটৰ তাড়ণা আৰু পুৰণি পৰম্পৰা ধৰি ৰখাৰ স্বাৰ্থত কৰি গৈছে নিত্য-নৈমিতিক কাম-কাজ ৷ কিয়নো পূৰ্বৰ দৰে নাই থলুৱা মৃৎশিল্পীৰ আদৰ, বজাৰত নাই মাটিৰ মূৰ্তিৰ সমাদৰ ৷

এইবোৰৰ বিপৰীতে বজাৰত স্থান দখল কৰিছে প্লাষ্টিকৰ মূৰ্তি, প্লাষ্টিকৰ ফুলৰ মালা নাইবা বহিঃৰাজ্যত নিৰ্মিত প্লাষ্টিকৰ সামগ্ৰীয়ে ৷ ফলত চিন্তিত হৈ পৰিছে থলুৱা মৃৎশিল্পীলসকল ৷

  • থলুৱা মৃৎশিল্পী সুনীল পালৰ আক্ষেপ :

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত থলুৱা মৃৎশিল্পী সুনীল পালে কয়, ‘‘পোৰামাটি আৰু প্লাষ্টিকৰ মূৰ্তিৰে ভৰিছে বজাৰ ৷ পূজা-পাৰ্বনত সমাদৰ নাই থলুৱা মূৰ্তিৰ ৷ ফলত বৰপেটাৰোডৰ থলুৱা মৃৎশিল্পীসকলে কেঁচা মাটিৰে নিৰ্মাণ কৰা মূৰ্তিয়ে সমাদৰ লাভ কৰা নাই বৰপেটাৰোডত । ইফালে মূৰ্তি প্ৰস্তুত কৰিবলৈ যি পইচা দিয়ে, সেয়া আমাৰ হাজিৰাই নহয় ৷ তাতে বস্তুৰ ইমান দাম ৷ ইফালে নতুন প্ৰজন্মও এইবোৰৰ প্ৰতি আগ্ৰহী হোৱা দেখা নাযায় ৷’’

  • থলুৱা মৃৎশিল্পী তথা বিক্ৰেতা সত্য পালৰ মনৰ অনুভৱ :

‘‘বৰপেটাৰোডৰ বজাৰ বাহিৰৰ পৰা অনা প্লাষ্টিকৰ ফুল, প্লাষ্টিকৰ মালাকে ধৰি বিভিন্ন সাসামগ্ৰীয়ে ভৰি পৰিছে ৷ চৰকাৰে মাজে সময়ে প্লাষ্টিক বৰ্জন কৰাৰ ঘোষণা কৰি আহিছে যদিও বৰপেটাৰোডৰ বজাৰত প্লাষ্টিকৰ প্ৰচলন অবাধে চলি আছে । বজাৰত গ্ৰাহকে প্লাষ্টিকৰ বিভিন্ন সামগ্ৰী অতি কম মূল্যত পোৱাৰ বাবে কেঁচা মাটিৰে নিৰ্মাণ কৰা সকলো সামগ্ৰীৰ চাহিদা দিনক দিনে কমি আহিছে ৷’’এইদৰে আক্ষেপ কৰে মূৰ্তি বিক্ৰেতাগৰাকীয়ে ৷

লগতে পঢ়ক :দুৰ্গা পূজাত কি কি নিয়ম মানিব লাগিব সমিতিসমূহে ? - Durga Puja 2024

লগতে পঢ়ক :কালী সাধনাৰ ইতিহাস - KALI WORSHIP

ABOUT THE AUTHOR

...view details