কলিয়াবৰ, ৩ আগষ্ট: কলিয়াবৰ আৰক্ষীয়ে শনিবাৰে তেলচোৰৰ এটা বৃহৎ চক্ৰক উৎখাত কৰে ৷ কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত চলা এক অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে তেলচোৰৰ এই চক্ৰটোক উৎখাত কৰে ৷ উল্লেখ্য যে, কলিয়াবৰ ৰাষ্ট্ৰীয় পথত যোৱা সময়ছোৱাত এক তেলচোৰ চক্ৰ সক্ৰিয় হৈ আছিল । সমান্তৰালকৈ এই চক্ৰটোৰ সন্ধানত কলিয়াবৰ আৰক্ষীয়ে মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত ধাৰাবাহিকভাৱে গোপনে চলাই আছিল অভিযান ।
লগতে পঢ়ক:আৰক্ষী-অসামৰিক যোগান বিভাগৰ অভিযানত উৎখাত চোৰাং তেলৰ ঘাটি - Smuggled oil seized
এই তেলচোৰ গেঙৰ বিৰুদ্ধে উঠা অভিযোগৰ ভিত্তিত চলা অভিযানৰ ফলতেই কলিয়াবৰ আৰক্ষীয়ে তেল চুৰি কাণ্ডৰ লগত জড়িত পাঁচটা অভিযুক্তক আটক কৰে । আটকাধীন পাঁচ অভিযুক্ত ক্ৰমে তেজপুৰ কছাৰী পামৰ আলম আলি, তেজপুৰৰ ভোমোৰাগুৰিৰ আব্দুল খলিল, বাগৰিৰ জামালউদ্দিন, বাগৰি হাৰমতিৰ তাহেৰ আলি আৰু চামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলি বুলি চিনাক্ত কৰা হৈছে ।