গোলাঘাট, ২৭ আগষ্ট: তেলচুৰি চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও এই বেহা অব্য়াহত আছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাত অবৈধ চোৰাং তেলৰ বেহা অব্য়াহত থকাত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন । জিলাখনৰ নুমলীগড়ত সোমবাৰে নিশা বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ পৰিষদে অভিযান চলাই জনৈক চাহু উপাধিৰ এজন লোকৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ তেল জব্দ কৰিবলৈ সক্ষম হয় ।
হাতে-লোটে জব্দ চুৰি তেল :
উত্থাপিত অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি নুমলীগড় আৰক্ষীৰ চকুৰ সন্মুখতে দৈনিক শ শ লিটাৰ তেল চুৰি কৰি বিক্ৰী কৰি আহিছে । যোৱা সোমবাৰে নিশাও এনেদৰে বিক্ৰী কৰি থাকোতেই বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ পৰিষদে হাতে-লোটে জব্দ কৰে চুৰি তেল । সংগঠন দুটাই এই চুৰি কাৰ্যত জড়িত চাহু উপাধিৰ লোকজনক কৰায়ত্ত কৰে ।
ইফালে,নুমলীগড় অঞ্চলত শোধনাগাৰৰ পৰা শিলিগুড়িলৈ যোৱা পাইপ লাইন ফুটাই এটা চক্ৰই বিপদজনকভাৱে বাৰম্বাৰ চুৰি কাৰ্য সংঘটিত কৰি আহিছে যদিও আজিপৰ্যন্ত চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী প্ৰশাসনে । এই চোৰাং তেলৰ ঘাটি উৎখাত কৰি জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰাজীৱ লস্কৰে কয়," নুমলীগড় অঞ্চলত দুটাকৈ তেল ডিপ' থকাৰ পাছত এজন লোকৰ বাসগৃহত বুজন পৰিমাণৰ তেল মজুত থকাটো কেনেধৰণৰ কথা । গুৰুত্বপূৰ্ণ কথা এই যে নুমলীগড় আৰক্ষী থানাৰ কাষত এনেদৰে কেনেকৈ সম্ভৱ ? নুমলীগড় অঞ্চলৰ আশে-পাশে কোনো কাৰণত চোৰাং তেলৰ বেহা চলাবলৈ দিয়া নহ'ব । এনে তেলচুৰি কাৰ্যৰ লগত জড়িত থকা সকলৰ বিৰুদ্ধে যিকোনো পৰিস্থিতি সৃষ্টি কৰিবলৈ আমি বাধ্য হ'ম ।"