গুৱাহাটী : ২০২৫ বৰ্ষৰ আৰম্ভণিতে অসমীয়া ছবিজগতলৈ আহিছে কেইবাটাও ভাল খবৰ । ইতিমধ্যে ঘোষণা হৈছে কেইবাখনো আহিবলগীয়া নতুন অসমীয়া ছবিৰ নাম । শেহতীয়াকৈ ঘোষণা কৰা হৈছে চলিত বর্ষত আহিবলগীয়া আৰু এখন নতুন অসমীয়া ছবিৰ নাম ।
নতুন পূৰ্ণদৈৰ্ঘৰ ছবিৰ নাম হৈছে 'বীৰা-এক নেদেখা কোঁৱৰৰ কাহিনী, খণ্ড ১' । 'একলব্য' ছবিৰ জৰিয়তে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নৱপ্ৰজন্মৰ পৰিচালক আলফ্ৰেডৰ পৰিচালনাৰে নিৰ্মাণ হ'ব 'বীৰা-এক নেদেখা কোঁৱৰৰ কাহিনী, খণ্ড ১' । ছবিখনৰ পৰিচালনক আলফ্ৰেডে এই বিষয়ে সদৰী কৰি কয়, "অহা মাৰ্চৰ শেষৰ ভাগৰ পৰা ইয়াৰ শ্বুটিং আৰম্ভ কৰা হ'ব । আনহাতে, চলিত বর্ষতে মুক্তি লাভ কৰিব এই ছবিখন । ছবিখনৰ ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ৰ কাম-কাজ আৰম্ভ হৈছে ।"

ছবিখনত কোনে কোনে অভিনয় কৰিব সেয়া বৰ্তমানলৈ সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব পৰা হোৱা নাই যদিও তিনিগৰাকী অভিনেতাৰ নাম ইতিমধ্যে নিশ্চিত হৈছে । ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ দুটি ৰূপায়ণ কৰিব অমিত কুমাৰ বৰা আৰু পাৰ্থ প্ৰতীম হাজৰিকাই । আনহাতে 'বীৰা-এক নেদেখা কোঁৱৰৰ কাহিনী,খণ্ড ১'ৰ অন্য এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব দেৱাশীষ ভূঞাক ।
উল্লেখ্য় যে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ ব্লাড বেংকত কর্মৰত দেৱাশীষ ভূঞক চলিত বর্ষতে মুক্তি লাভ কৰিবলগীয়া নতুন অসমীয়া ছবি 'কেচটো নগেনত'ৰ পাছত 'বীৰা-এক নেদেখা কোঁৱৰৰ কাহিনী,খণ্ড ১'ত দেখিবলৈ পোৱা যাব । আনহাতে,ছবিখনৰ প'ষ্টাৰ ডিজাইন কৰিছে জনপ্ৰিয় চিত্ৰশিল্পী নীলিম মহন্তই ।
শেহতীয়াকৈ মুক্তি লাভ কৰিছে ছবিখনৰ প'ষ্টাৰ । ইফালে, ছবিখনৰ কাহিনী সন্দৰ্ভত বৰ্তমানলৈ একো জানিব পৰা নাই যদিও 'বীৰা' বুলি ক'লে আমাৰ লোকবিশ্বাস অনুসৰি যি প্ৰতিচ্ছবি মনলৈ আহে সেই প্ৰতিচ্ছবিক মোহাৰি হয়টো কিছু নতুন সৃষ্টি কৰা হ'ব । ছবিখনৰ জৰিয়তে এই প্ৰতিচ্ছবি দৰ্শকৰ মাজত উপস্থাপন কৰা হ'ব বুলি ধাৰণা কৰা হৈছে ।