অসম

assam

ETV Bharat / state

হ্ৰাস পাইছে দীপৰ বিলৰ পৰিভ্ৰমী চৰাইৰ সংখ্যা, ৰামছাৰ স্বীকৃতি বাতিলৰ আশংকা - MIGRATORY BIRDS AT DEEPOR BEEL

ভাৰতত ৪৭ খন ৰামছাৰ ক্ষেত্ৰৰ অন্য়তম হৈছে দীপৰ বিল । এই ক্ষেত্ৰখন আজি অস্তিত্বৰ সংকটত ।

Deepor Beel Ramsar Site
দীপৰ বিলত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ সংখ্যা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 9:50 PM IST

গুৱাহাটী :২০০২ চনতে ৰামছাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত দীপৰ বিলে এতিয়া স্বীকৃতি অক্ষুণ্ণ ৰাখিবলৈ যুঁজ দিবলগীয়া হৈছে । একপ্ৰকাৰ চৰকাৰী পক্ষৰ চৰম অৱহেলাৰ বাবে দীপৰ বিল ৰামছাৰ স্থানৰ স্বীকৃতি বাতিলৰ সংকটত পৰিছে । কিয়নো দীপৰ বিলত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ সংখ্যা ।

ৰামছাৰ স্বীকৃতিৰ বাবে কিমান পৰিভ্ৰমী চৰাইৰ প্ৰয়োজন ?

দীপৰ বিলত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ সংখ্যা (ETV Bharat Assam)

এখন‌ বিল ৰামছাৰ স্থানৰ স্বীকৃতি পাবলৈ কমেও বছৰি ২০ হাজাৰ পৰিভ্ৰমী চৰাইৰ আগমন হোৱাটো জৰুৰী । কিন্তু বাৰ্ষিক পক্ষী গণনাৰ অন্তত যোৱা দুবছৰ ধৰি দীপৰ বিলে বছৰি ২০ হাজাৰ পৰিভ্ৰমী চৰাইৰ লক্ষ্য স্পৰ্শ কৰিব পৰা নাই । তিনি বছৰ পূৰ্বে দীপৰ বিলত পক্ষী গননাত ২০ হাজাৰৰো অধিক পৰিভ্ৰমী চৰাইৰ আগমন হৈছিল । ছেভেন উইভাৰছ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু বন বিভাগ, দীপৰ বিল‌ সুৰক্ষা সমিতি আদি কেইবাটাও অনুষ্ঠান আৰু সংগঠনৰ সহযোগত দীপৰ বিলখনত শেহতীয়াকৈ চলোৱা পক্ষী গণনাত এইবাৰ অৰ্থাৎ ২০২৫ বৰ্ষত ১৭,৬২৩ টা পক্ষী চিহ্নিত হৈছে । কিন্তু তেওঁলোকে ২০২৩ চনত দীপৰ বিলত চলোৱা গণনাত ২৮,৩৩১ টা পক্ষী চিহ্নিত হৈছিল ।

দুবছৰ একেৰাহে পক্ষীৰ আগমন হ্ৰাস:

এই‌ সন্দৰ্ভত এই পক্ষী গণনাৰ নেতৃত্বত থকা পৰিৱেশবিদ তানিয়া তালৱাৰে কয়, "এখন‌ বিল ৰামছাৰ স্থানৰ স্বীকৃতি পাবলৈ কমেও বছৰি ২০ হাজাৰ পৰিভ্ৰমী চৰাইৰ আগমন হোৱাটো জৰুৰী ।‌ সেই হিচাপত দীপৰ বিলত বছৰি ২০ হাজাৰ বা তাতকৈ অধিক পক্ষীৰ আগমন হোৱাটো দৰকাৰ । কিন্তু বিলখনত দুবছৰ একেৰাহে পক্ষীৰ আগমন হ্ৰাস হৈছে । এনেদৰে দহ বছৰ হ্ৰাস পাই থাকিলে দীপৰ বিলে ৰামছাৰ স্থানৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম হ'ব ।"

দীপৰ বিলত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ সংখ্যা (ETV Bharat Assam)

তেওঁ লগতে কয়," আমি ২০২৩ চনৰ পৰা বিজ্ঞানসন্মতভাৱে দীপৰ বিলত পক্ষী গণনা কৰিছো । ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত এপষেকজোৰা সময়ৰ ব্যৱধানত পক্ষী গণনা কৰা হয় । এই গণনা আৰু অধ্যয়নত ২০২৩ চনত দীপৰ বিলত ২৮,৩৩১ টা পক্ষী চিহ্নিত হৈছিল । ২০২৪ চনত ১১,২৭১ টা পক্ষী চিহ্নিত হৈছিল । ৪০ শতাংশ পক্ষীৰ আগমন ‌হ্ৰাস পাইছিল । এইবাৰ অৰ্থাৎ ২০২৫ চনত ১৭,২৭১ টা পক্ষী চিহ্নিত হৈছে ।"

দীপৰ বিলত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ সংখ্যা (ETV Bharat Assam)

উল্লেখ্য যে এই অধ্যয়নত ছেভেন উইভাৰছৰ নেতৃত্বত দীপৰ বিল পাছপাৰা সমবায় সমিতি, দীপৰ বিল সুৰক্ষা সমিতি, বন্যবন্ধু, বন বিভাগ, বাৰ্ড কাউন্ট ইণ্ডিয়া, কটন বিশ্ববিদ্যালয়, ডনবস্কো ইউনিভাৰ্চিটি, টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল চায়েন্সৰ সহযোগত ১৪ গৰাকী টীম লীডাৰ আৰু ১৩৫ গৰাকী অভিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে । এই অধ্যয়নৰ প্ৰতিবেদনৰ কথা সদৰী কৰি দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই কয়, "যোৱা দুছৰ পূৰ্বে দীপৰ বিলত প্ৰায় ২৮,০০০ দেশী-বিদেশী পক্ষীৰ আগমন হৈছিল । যোৱা বছৰ মাত্ৰ ১১,০০০ দেশী-বিদেশী পক্ষীৰ আগমন হৈছিল । চৰকাৰে বিলৰ পাৰত যোৱা‌ বছৰ নৱেম্বৰত ৰাইজিং ফেষ্টিভেল আয়োজন‌ কৰাৰ বাবে বিলত পক্ষীৰ আগমন উদ্বেগজনকভাৱে হ্ৰাস পাইছিল । এইবাৰ এই উৎসৱ পতা হোৱা‌ নাই । যাৰ বাবে পক্ষীৰ আগমন এইবাৰ বৃদ্ধি পাইছে । কিন্তু পূৰ্বৰ বছৰৰ তুলনাত কম হৈছে ।"

দীপৰ বিলত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাইৰ সংখ্যা (ETV Bharat Assam)

ৰামছাৰ স্বীকৃতিৰ ২০ বছৰ পিছতো নহ'ল সীমা নিৰ্ধাৰণ :

তেওঁ লগতে কয়," পক্ষী সংৰক্ষিত এলেকাৰূপে খ্যাত গুৱাহাটী মহানগৰীৰ সমীপৰ দীপৰ বিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ দুটা দশক হ'ল । দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ ২০ টা বৰ্ষ অতিক্ৰম কৰিলে যদিও আজিলৈকে ইয়াৰ সীমা নিৰ্ধাৰণ নহ'ল ।"

দীপৰ বিলত ২০২ বিধ পক্ষীৰ প্ৰজাতি :

প্ৰমোদ কলিতাই কয়, "আমাৰ অধ্যয়নত দেখা গৈছে বিলখনত পোৱা ২০২ বিধ পক্ষীৰ প্ৰজাতিৰ ভিতৰত ছয়বিধ প্ৰজাতি গভীৰ পানীত থাকে । ৩২ বিধ কম পানীত আৰু বাকী প্ৰজাতি বিলখনৰ কাষৰ গছত, কৃষিভূমি আদিত পোৱা গৈছে । গতিকে অধ্যয়নৰ পৰা দেখা গৈছে যে বিলখনৰ পৰিৱেশতন্ত্ৰ ৰক্ষা কৰাৰ বাবে দীপৰ বিলৰ পানীখিনিয়ে অকল‌ নহয়, বিলখনৰ চৌপাশে থকা গছ-গছনি, কৃষিভূমি, ঘাঁহনি আদি ৰক্ষা কৰিব লাগিব । অন্যথা দীপৰ বিল এসময়ত হেৰাই যাব ।"

ৰামছাৰ স্বীকৃতি বাতিল হ'ব নেকি দীপৰ বিলৰ ! (ETV Bharat Assam)

মাছমছৰীয়া সমাজখনে ৰক্ষা কৰিছেদীপৰ বিল :

আনহাতে, দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ সভাপতি গোলক দাসে কয়, "দীপৰ বিলখন‌ ক'বলৈ গ'লে মাছমছৰীয়া সমাজখনে ৰক্ষা কৰি আছে । দুখৰ বিষয় যে বিলখনৰ উন্নয়নৰ বাবে চৰকাৰৰ কোনো সদিচ্ছা দেখা নাই । বিলখনৰ কাষত স্থাপন কৰা জাবৰ পেলোৱা স্থানে বিলখন প্ৰদূষিত কৰিছে ।‌ আগতে বিলখনৰ পানী আমি খাইছিলো । এতিয়া পানী প্ৰদূষিত হোৱাৰ ফলত বিলত মাছৰ মৃত্যু হোৱা দেখা যায় ।"

লগতে পঢ়ক:ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম হোৱা দীপৰ বিলত পৰিভ্ৰমী চৰাইৰ কলৰব - MIGRATORY BIRDS AT DEEPAR BEEL

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্বেগজনক তথ্য: দীপৰ বিললৈ বিপদ আহিছে - POLLUTION INCREASING IN DEEPOR BEEL

ABOUT THE AUTHOR

...view details